/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/trafik-roll-10.jpg)
কাইলৈ গুৱাহাটীত গাড়ী চলোৱাৰ পূৰ্বে চাই লওক এই খবৰঃ বিপদত পৰিব পাৰে আপুনি...
ডিজিটেল ডেস্কঃ ৪ জুন, মঙ্গলবাৰে ঘোষণা হ'ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে কেতবোৰ নীতি-নিয়ম জাৰি কৰিছে।
সেই অনুসৰি গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত গধূৰ যান-বাহন চলাচল কৰিব নোৱাৰিব। মহানগৰীৰ জ্যোতিকুছিৰ দিশৰ পৰা ৰাজীৱ গান্ধী পথৰ দিশে অহা যান-বাহনসমূহ এ কে আজাদ ৰোডৰ দিশে যাব লাগিব।
এই পথেৰে যিসমূহ বাহন আহিব সেইসমূহ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে প্ৰৱেশ কৰিব নোৱাৰিব। ৰাজীৱ গান্ধী ৰোডত যান-বাহনৰ চলাচল নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ন’ পাৰ্কিং জ’ন হিচাপেও ঘোষণা কৰা হৈছে।
গড়চুকৰ দিশৰ পৰা যিসমূহ বাহন মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে আহিব সেইসমূহ উৰণ সেঁতুৰ তলেৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যাব লাগিব। মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখী ছাৰ্ভিচ ৰোডত যান-বাহন চলাচলত নিষেধাজ্ঞা থাকিব।
অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, এম্বুলেঞ্চ, জীৱনদায়িনী ঔষধ, অক্সিজেন কঢ়িওৱা আদিৰ দৰে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বাহনৰ ক্ষেত্ৰত এইসমূহ নিষেধাজ্ঞা নাথাকিব।
Also Read: ইউৰোপৰ তিনি মহাশক্তি, জি-৭ ৰাষ্ট্ৰক অতিক্ৰমি ভাৰতীয় মহিলাৰ অভিলেখ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us