কৰিমগঞ্জৰ ভোটকেন্দ্ৰ দখল আৰু ৰেগিঙৰ অভিযোগেৰে কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ দাখিল...

পুনৰ ভোটগ্ৰহণৰ দাবীৰে নিৰ্বাচন আয়োগত অভিযোগ
কৰিমগঞ্জৰ ভোটকেন্দ্ৰ দখল আৰু ৰেগিঙৰ অভিযোগেৰে কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ দাখিল...
কৰিমগঞ্জৰ ভোটকেন্দ্ৰ দখল আৰু ৰেগিঙৰ অভিযোগেৰে কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ দাখিল...

ডিজিটেল ডেস্কঃ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামগ্ৰিকভাৱে অসমত শান্তিপূৰ্ণভাৱেই সমাপ্তি ঘটিল। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়াত ৫ টা লোকসভা সমষ্টিত আৰু ২৬ এপ্ৰিলত সমসংখ্যক লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল যদিও পূৰ্বৰ নিৰ্বাচনসমূহত কৈ যথেষ্ট শান্তিপূৰ্ণ হয় অষ্টাদশ লোকসভা নিৰ্বাচনৰ দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণ। অৱশ্যে তাৰ মাজতে দুই এক ভোটকেন্দ্ৰত ই ভি এম বিকল, ভোট বৰ্জন আৰু ভোটাৰ তিলাকৰ কিছু বিসংগতিয়ে দেখা দিলে। পূৰ্বৰ দৰে এই দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বা তাৰ আগত ৰাজনৈতিক হিংসা, ৰাজনৈতিক দল, প্ৰাৰ্থীৰ সমৰ্থক মাজত সৃষ্টি হোৱা নাই সংঘাত।

এইদৰেই শান্তিপূৰ্ণভাৱে দুয়োটা পৰ্যায়ত মুঠ ১০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল যদিও ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত ব্যাপক ৰেগিঙৰ অভিযোগ উত্থাপনেৰে ২৭ এপ্ৰিলৰ দিনৰ ভাগত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে নিৰ্বাচন আয়োগে নিয়োগ কৰা ৰিটাৰ্নিং অফিচাৰৰ লগতে নিৰ্বাচন আয়োগকো অভিযোগ দাখিল কৰিছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ইলেকচন এজেণ্ট আবুল ফেইজ চৌধুৰীয়ে স্বাক্ষৰ কৰা অভিযোগপত্ৰখনত ভোটগ্ৰহণৰ সময়ত সমষ্টিটোৰ একাধিক স্থানত ব্যাপক হাৰত ৰেগিং, ভোটকেন্দ্ৰ দখলৰ অভিযোগ কৰিছে। তাৰোপৰি ভোটগ্ৰহণৰ সময়ত ইভিএম বিকল, ইভিএমৰ বিসংগতিৰো অভিযোগ উত্থাপন কৰিছে। নিৰ্বাচনী বিষয়াক দাখিল কৰা এই অভিযোগ পত্ৰত ৰেগিং, ভোটগ্ৰহণ দখল আৰু ই ভি এম বিকল হোৱা ভোটকেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে।

অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসৰি নৰ্থ কৰিমগঞ্জৰ ২৪ নম্বৰ পোলিং ষ্টেচন, ১৬১ নং বুথ, ২৩০ নং পোলিং ষ্টেচন, ২৬৯, ২৭০, ২৭১, ২৭২ আৰু ২৭৩ নং পোলিং ষ্টেচনত কংগ্ৰেছ ত্যাগী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই তেওঁৰ একাংশ অনুগতক লৈ অনাধিকাৰ প্ৰৱেশ কৰি ব্যাপক হাৰত ৰেগিং কৰাৰ লগতে কেইবাটাও ভোটকেন্দ্ৰত দখল কৰে।

সেইদৰে দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ ৯৯, ২৫৫, ২৬০ নং পোলিং ষ্টেচনত বিজেপি কৰ্মীয়ে অনাধিকাৰ প্ৰৱেশ কৰি একাংশ ভোটাৰৰ অধিকাৰ কাঢ়ি তেওঁলোকৰ ভোট ইভিএমত দিয়ে। পথাৰকান্দি বিধানসভা সমষ্টিৰ ২৪, ৫৫, ১৫৮,১৬১, ১৬৬, ১৬৭, ১৬৯, ১৭০, ১৭১, ১৭২, ১৭৩, ১৭৪ , ১৭৯ নং পোলিং ষ্টেচনতো শাসকীয় দলৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু তেওঁৰ অনুগতই অনাধিকাৰ প্ৰবেশ কৰি ভোট কেন্দ্ৰ দখল কৰে আৰু প্ৰকৃত ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে ইভিএমত ভোট দিয়ে।

ৰাম কৃষ্ণ নগৰ বিধানসভা সমষ্টিত বিধায়ক বিজয় মালাকাৰে তেওঁলৰ অনুগতক লৈ ১৮০, ২০২, ২০৩, ২০৫, ২০৬, ২২২, ২২৪, ২৩২, ১২৬ নং পোলিং ষ্টেচনত প্ৰৱেশ কৰি প্ৰকৃত ভোটাৰক ভয়, ভাবুকিৰে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰে আৰু তেওঁলোকৰ ভোট ইভিএম দিয়ে।

ইফালে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত হাইলাকান্দি বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ বিধায়কজাকিৰ হুছেইন লস্কৰে কংগ্ৰেছৰ বিৰুদ্ধে ভোটগ্ৰহণ চলি থকাৰ মাজতে অভিযোগ ৰেগিং আৰু ভোটকেন্দ্ৰ দখলৰ অভিযোগ উত্থাপন কৰিছিল। এনে প্ৰেক্ষাপটত এতিয়া নিৰ্বাচন আয়োগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।

কৰিমগঞ্জৰ ভোটকেন্দ্ৰ দখল আৰু ৰেগিঙৰ অভিযোগেৰে কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ দাখিল...
হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in