/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b6f02f69-55cf-475d-94a4-a6534642671a/india_6.jpg)
যিকোনো পৰিস্থিতিৰ বাবে সাজু INDIA: ভোটগণনাৰ মাজতে বহিব বৈঠকত...
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘণ্টা। পুৱাই প্ৰকাশ পাব অষ্টাদশ নিৰ্বাচনৰ ফলাফল। ইয়াৰ প্ৰাকক্ষণত শাসকীয় এন ডি এ আৰু বিৰোধী ইণ্ডিয়াৰ মাজত যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাসগৃহত দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত থকাৰ মাজতে বিৰোধী গোট ইণ্ডিয়াৰো আন এখন বৈঠকৰ খবৰ আহিছে। জানিব পৰা মতে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত বিৰোধী ইণ্ডিয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব তাক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক মঙ্গলবাৰে আহ্বান কৰা হৈছে। এই বৈঠকত ইণ্ডিয়াৰ অংশীদাৰী দলসমূহৰ নেতৃত্বই অংশগ্ৰহণ কৰিব।
১ জুনত বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পোলত পৰৱৰ্তী চৰকাৰ এন ডি এৰে হ’ব বুলি দাবী কৰা হৈছে। কিন্তু কংগ্ৰেছ আৰু ইণ্ডিয়া গোটে ইয়াক বিশ্বাস কৰা নাই। তাৰ পৰিৱৰ্তে ঐক্যবদ্ধ বিৰোধীয়েই শেষ হাঁহি মাৰিব পাৰিব বুলি দাবী কৰি আহিছে।
তাৰ মাজতে মঙ্গলবাৰে দিনৰ ভাগতে ভোট গণনা অব্যাহত থকাৰ সময়তে অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। এই বৈঠকৰ মূল আহ্বায়ক মমতা বেনাৰ্জী। বৈঠকত সভাপতিত্ব কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে।
এই বৈঠকতে ইণ্ডিয়াৰ পৰৱৰ্তী কৌশল সম্পৰ্কে আলোচনা হ’ব। যদিহে এক্সিট পোলে কোৱাৰ দৰেই বিপৰ্যয় হয় তেন্তে পৰৱৰ্তী পদক্ষপ কি হ’ব সেই সন্দৰ্ভতো আলোচনা হ’ব এই বৈঠকত।
উল্লেখ্য যে, বেছিভাগ এক্সিট পোলেই ভৱিষ্যতবাণী কৰিছে যে এন ডি এ মিত্ৰজোঁটে ৩৫০ বা ততোধিক আসন লাভেৰে পুনৰ চৰকাৰ গঠন কৰিব। কংগ্ৰেছে এই সকলো এক্সিট পোল প্ৰত্যাখ্যান কৰিছে।
দলটোৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰিছে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ এই এক্সিট পোলবোৰ ভুৱা। এয়া মোডীৰ হে জৰীপ। ইণ্ডিয়া এলায়েন্সে দাবী কৰিছে যে তেওঁলোকে ২৯৫ খন আসন লাভ কৰিব। তথাপিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিৰোধী মিত্ৰজোঁটে এই বৈঠক আহ্বান কৰিছে।
Also Read: 'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...