বিজেপিয়ে নাজানে অসমৰ সমষ্টিৰ নামঃ বিলুপ্ত হোৱা সমষ্টিত দিলে প্ৰাৰ্থী...

বিলুপ্ত সমষ্টি কলিয়াবৰত প্ৰতিদ্বন্দিতা কৰিব লাগিব কামাখ্যা প্ৰসাদ তাছাই।
বিজেপিয়ে নাজানে অসমৰ সমষ্টিৰ নামঃ বিলুপ্ত হোৱা সমষ্টিত দিলে প্ৰাৰ্থী...

ডিজিটেল ডেস্কঃ অসমৰ প্ৰাৰ্থী ঘোষণা কৰোঁতে ডাঙৰ ভুল কৰিলে বিজেপিয়ে। বিজেপিয়ে নাজানে অসমৰ কোনটো সমষ্টি কাৰ বাবে সংৰক্ষিত। একেদৰে নাজানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সলনি হোৱা সমষ্টিসমূহৰ গাঁথনি, সংৰক্ষণ, নতুন নাম। নাজানে কোন সমষ্টি বিলুপ্তি হ'ল আৰু নতুন সমষ্টি গঠন হোৱাৰ কথা।

আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত বিজেপিয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বুলি উল্লেখ কৰিছে বিজেপিয়ে। আনহাতে শিলচৰ সমষ্টিক সংৰক্ষণমুক্ত হিচাপে দেখুৱাইছে।

দৰাচলতে শিলচৰ সমষ্টিহে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। কৰিমগঞ্জ সমষ্টি মুক্ত। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হৈছে এই পৰিৱৰ্তন।

একেদৰে মঙ্গলদৈ লোকসভা সমষ্টি বুলি এতিয়া অসমত কোনো সমষ্টি নাই। সমষ্টি পুনৰ নিৰ্ধাৰণে মঙ্গলদৈ লোকসভা সমষ্টিৰ নাম সলনি কৰি কৰিলে দৰং-ওদালগুৰি সমষ্টি।

সেইদৰে তেজপুৰ লোকসভা সমষ্টিৰ নাম সলনি কৰি কৰিলে শোণিতপুৰ লোকসভা সমষ্টি। কিন্তু বিজেপিয়ে আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে দিলীপ শইকীয়া আৰু তেজপুৰ লোকসভা সমষ্টিৰ বাবেহে ৰঞ্জিত দত্তৰ নাম ঘোষণা কৰিছে। দৰং-ওদালগুৰি আৰু শোণিতপুৰৰ কথা উল্লেখ নকৰিলে।

সেইদৰে সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে কলিয়াবৰ লোকসভা সমষ্টি। নতুনকৈ গঠন কৰা হৈছে কাজিৰঙা লোকসভা সমষ্টি। বিজেপিৰ আজিৰ প্ৰাৰ্থী তালিকাত নাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। আছে কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছাৰ নাম। এইদৰেই সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰা অসমৰ সমষ্টিৰ সন্দৰ্ভত বিজেপিয়ে আজি প্ৰাৰ্থী ঘোষণা কৰাৰ সময়ত দিলে অজ্ঞতাৰ পৰিচয়।

বিজেপিয়ে নাজানে অসমৰ সমষ্টিৰ নামঃ বিলুপ্ত হোৱা সমষ্টিত দিলে প্ৰাৰ্থী...
ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in