ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!

গণতন্ত্ৰ ৰাইজেই ৰজা। নিৰ্বাচনত ৰাইজৰ ভোটেৰেই জয়ী হয়। হয়তো ৰাইজে বুজি পাইছিল সংগঠনৰ গতি-বিধি। নহ'লেনো 'কা' সমৰ্থনকাৰী বিজেপি পুনৰ শাসনত আহেনে !
ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!

ভাস্কৰ শৰ্মা

এজন বেপাৰী আছিল। তেওঁ আমৰ বেপাৰ কৰিছিল। আমবোৰৰ ৰঙ আছিল ৰংচঙীয়া। দেখিলেই এনে লাগে যেন পকা পকা আমবোৰ পেটভৰাই খাম। বেপাৰীয়ে কেইবাজনো গ্ৰাহকৰ ওচৰত সেই আম বিক্ৰী কৰিলে আৰু বহু টকা পালে।

পিচলৈ কিন্তু তেওঁ বিক্ৰীৰ বাবে অনা আম এজনো গ্ৰাহকে নিকিনিলে। বৰং সাওপাতহে দিলে। কাৰণ আমবোৰৰ বৰণ যদিও আছিল ৰংচঙীয়া, প্ৰকৃততে সেই আম আছিল টেঙা। নাগৰিকত্ব সংশোধনী আইন। অসমত পুনৰ গা কৰি উঠিছে 'কা' প্ৰসংগই। আকৌ হ'ব হেনো 'কা' বিৰোধী আন্দোলন।

অসমৰ জনতাৰ প্ৰতি আছুৰ পুনৰ একেই আহ্বান। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে পূৰ্বৰ দৰে এইবাৰো জনাইছে 'কা' বিৰোধী আন্দোলনৰ আহ্বান।

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেউটা সংগঠনে ধাৰাবাহিক আন্দোলন ঘোষণা কৰি সূচী ৰাজহুৱা কৰিছে। ৰাজহুৱা কৰা সূচীত ৪,৮ আৰু ৯মাৰ্চত কৰিব লগা আন্দোলনৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰিছে।

এই সূচী অনুসৰি ৪মাৰ্চৰ দিনা অসমৰ প্ৰতিখন জিলাত 'কা' বিৰোধিতাৰে বাইক ৰেলী উলিওৱা হ'ব। 'কা' নিয়মাৱলী বলৱৎ কৰাৰ দিনাই নিয়মাৱলীৰ প্ৰতিলিপি দাহ। 'কা' নিয়মাৱলী বলৱৎ কৰাৰ পিচদিনা জিলা সদৰত জোঁৰ সমদল কাৰ্যসূচী গঢ়ি তোলা হ'ব।

আনহাতে ৮মাৰ্চ- প্ৰধানমন্ত্ৰী অসমত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত 'কা' বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ প্ৰতিচ্ছবিত আঞ্চলিকে আঞ্চলিকে বন্তি প্ৰজ্জ্বলন আৰু ছহিদ স্মৰণ। ইফালে ৯মাৰ্চৰ কাৰ্যসূচী অনুসৰি পুৱা ৬বজাৰ পৰা সন্ধিয়া ৬বজালৈ ১২ঘণ্টীয়া অনশন কাৰ্যসূচী।

ইয়াৰোপৰি ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত সত্যাগ্ৰহ কৰা হ'ব বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত এই কাৰ্যসূচীৰ তাৰিখ ঘোষণা কৰিব বুলি সংগঠনকেইটাই ধৰাবাহিক আন্দোলনৰ সূচীত উল্লেখ কৰে।

এতিয়া কথা হ'ল- আছুৰ এই আন্দোলন কিমান দূৰ সম্ভৱ হ'ব; ইয়াকে লৈ একাংশৰ মাজত চৰ্চিত হৈছে। কিয়নো ২০১৯ত নাগৰিকত্ব সংশোধনী বিৰোধী আন্দোলনে এক গতি লাভ কৰিছিল। যি গতি অসমৰ ছাত্ৰ সমাজে দিছিল।

ছাত্ৰ সমাজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল ৰাজপথলৈ। গঢ়ি তুলিছিল তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন। কেনে এক বিভীষিকাময় পৰিৱেশৰ সূচনা হৈছিল তাক ভালদৰে মনত আছে। ৰাইজৰ মনত আছে পঞ্চ ছহিদৰ কথা। মনত আছে গুৱাহাটীৰ ৰাজপথত কৰা ফ্লেগমাৰ্চৰ কথা,কাৰ্ফিউৰ কথা। সমগ্ৰ অসমব্যাপী চলিছিল 'কা' বিৰোধী আন্দোলন।

সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছিল এই আন্দোলনে। অসমত হোৱা আন্দোলনসমূহৰ ভিতৰত 'কা' বিৰোধী আন্দোলন আছিল অন্যতম। অসমৰ শিল্পী সমাজো এই আন্দোলনত জপিয়াই পৰিছিল।

গুৰুত্বপূৰ্ণ কথা এই যে, ছাত্ৰ সমাজে আৰম্ভ কৰা আন্দোলনটোক একাংশ সংগঠনে তাক লতাশিল লৈ অগ্ৰসৰ কৰিছিল। পাচত গৈ এই আন্দোলন গৈ নাচ-গানৰ থলী লৈ ৰূপান্তৰিত হ'ল বুলি একাংশই মন্তব্য কৰাও শুনা যায়।

অনাগত 'কা' আন্দোলন সন্দৰ্ভত একপ্ৰকাৰ হাত দাঙি দিছে বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে হোৱা 'কা' আন্দোলনৰ অন্যতম সহযোগী সংগঠন আছিল বীৰ লাচিত সেনা।

সৌ সিদিনা এটি অনুষ্ঠানত 'কা' আন্দোলন সম্পৰ্কে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কেতবোৰ মন্তব্য কৰিছে। নাম উল্লেখ নকৰা কৈ কৈছে যে, 'কা' আন্দোলনৰ বাবে অন্যতম জাতীয় সংগঠনৰ নেতাই শাসনাধিষ্ঠিত চৰকাৰৰ পৰা লৈছিল হেনো ১৬কোটি টকা।

এই কথা অসমৰ মানুহে অবিশ্বাসত ল'ব নে বিশ্বাসত ল'ব সেয়া আচলতে ক'ব নোৱাৰি। কিন্তু তেওঁ কৰা মন্তব্য যদি সত্য হয়; তেন্তে ৰাইজ জানো আন্দোলনৰ বাবে পুনৰ ওলাই আহিব ?

গণতন্ত্ৰ ৰাইজেই ৰজা। নিৰ্বাচনত ৰাইজৰ ভোটেৰেই জয়ী হয়। হয়তো ৰাইজে বুজি পাইছিল সংগঠনৰ গতি-বিধি। নহ'লেনো 'কা' সমৰ্থনকাৰী বিজেপি পুনৰ শাসনত আহেনে ! টিভিৰ টকশ্বত যিমানে টেঁটু ফালি নিচিঞৰক কিয় এতিয়া হয়তো সেই চিঞৰত ৰাইজ ওলাই নাহে। পূৰ্বৰ দৰে 'কা' আন্দোলনে যে গতি পাব সেয়াও এক লাখটকীয়া প্ৰশ্ন। এখন ধূসৰ ছবি।

কিয়নো এই আন্দোলনত সংঘটিত অবিশ্বাসে সচেতন জনতাক পুনৰ ভবাই তুলিছে। আন্দোলনৰ গইনা লৈ কোন নেতা, ক'ত গ'ল সেয়া আজিৰ সমাজে বুজি উঠিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক নাথকে ধৰি একাংশ আছু নেতাৰ বিজেপিমুখী হোৱাও অবিশ্বাসৰ অন্যতম কাৰণ।

আন্দোলনত জড়িত তেনে বহু ছাত্ৰনেতা তথা কৰ্মীয়ে শাসনাধিষ্ঠিত দলত যোগদান কৰি কি পৰিচয় দিলে, সেয়া অসমৰ জনতাই প্ৰতিটো মুহূৰ্ততে ভাবিবলৈ বাধ্য হৈছে। আন্দোলনত ভাগ লোৱা একাংশ শিল্পীৰ প্ৰকৃতিয়েও তাক ভাবিবলৈ বাধ্য কৰালে।

ডিঙিৰ শিৰ ফুলাই 'কা' সমৰ্থন নকৰা শিল্পীও আজি ৰজাঘৰীয়াৰ বিষয়বাব লৈ বহি আছে। অৱশ্যে এনে পাকচক্ৰত পৰি একাংশ শিল্পীৰ কেৰিয়াৰত প্ৰভাৱ নপৰা নহয়। ৰাইজে ইতিমধ্যে প্ৰতাৰণা কৰাৰ উত্তৰত সময়ত খুব ভাল দৰেই দিছে।

ৰাইজৰ ঊৰ্ধত কোনো নহয়। সময় কাৰো ম্যাদী পট্টাৰ মাটি নহয়। সময়ে সকলোকে সুযোগ দিয়ে। কোনোৱে সেই সুযোগৰ সদ্ব্য়ৱহাৰ কৰে। কোনোৱে ক্ষমতা হিচাপে ব্যৱহাৰ কৰে। যাৰ ফল সময়ত ভোগে।

আছুৰ প্ৰতি অসমৰ একাংশ ৰাইজৰ আছে বিশেষ টান। বিগত সময়ত আছুৰ বহু কাম-কাজে অসমৰ ৰাইজক পতিয়ন নিয়াইছিল। আছুৰ আহ্বানতে ওলাই আহিছিল হেজাৰ হেজাৰ জনতা। কিন্তু আজিৰ প্ৰেক্ষাপটত আছুৰ সেই আদৰ্শত ঘূণে ধৰিছে বুলি সামাজিক মাধ্যমত সাধাৰণ ৰাইজে মুকলিকৈয়ে উল্লেখ কৰিছে।

এনেবোৰ দিশলৈ লক্ষ্য কৰি স্বাভাৱিকতে প্ৰশ্ন হয় আছুৰ নেতৃত্বক পূৰ্বৰ দৰে আকৌ- ৰাজপথলৈ আহিবনে সাধাৰণ ৰাইজ ? কৰিবনে 'কা' বিৰোধী আন্দোলন ? আছুৰ সেই অৰাজনৈতিক স্থিতিত পতিয়ন যাবনে ?

'কা' বিৰোধী আন্দোলন যে হ'ব সেয়া নিশ্চিত। আছুৰ উপৰিও আন আন সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলেও প্ৰতিবাদৰ হুংকাৰ দিছে। সমান্তৰালকৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসনে আন্দোলন কৰাৰ সুযোগ কোনো কাৰণতে নিদিয়ে বুলি প্ৰকাৰন্তৰে বুজাই দিছে।

ইয়াকে লৈ শাসক, আৰক্ষী প্ৰশাসনৰ সৈতে বিৰোধী নেতাৰ বাকযুদ্ধ আৰম্ভ হৈছে। সেয়ে এতিয়া অপেক্ষা কৰিব লাগিব এই আন্দোলনে কোন দিশে গতি কৰে। জনতাক এইবাৰৰ আন্দোলনে স্পৰ্শ কৰিব পাৰিবনে? সেয়া নিশ্চয় সময়ে ক'ব !

ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!
লোকসভা ২০২৪- হিন্দু নহয় ! উত্তৰ-পূবত খ্ৰীষ্টানহে ফেক্টৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in