নিৰ্বাচনী বিধি উলংঘাঃ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ BJPক লাগে অতিৰিক্ত ৭ দিন, কংগ্ৰেছক লাগে ১৪ দিন...

মোডীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য, ৰাহুলৰ বিৰুদ্ধে উত্তৰ আৰু দক্ষিণ ভাৰত বিভাজনৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী বিধি উলংঘাঃ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ BJPক লাগে অতিৰিক্ত ৭ দিন, কংগ্ৰেছক লাগে ১৪ দিন...

নিৰ্বাচনী বিধি উলংঘাঃ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ BJPক লাগে অতিৰিক্ত ৭ দিন, কংগ্ৰেছক লাগে ১৪ দিন...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ উত্থাপনৰ পাছতে দলটোৰ সভাপতি জে পি নড্ডালৈ কৈফিয়ত তলব কৰিছিল নিৰ্বাচন আয়োগে। ইয়াৰ উত্তৰ দিবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগৰ পৰা আৰু অতিৰিক্ত এটা সপ্তাহৰ সময় বিচাৰিলে। উল্লেখ্য, আজি পুৱা ১১ বজাৰ ভিতৰত জেপি নড্ডাই নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী আচৰণবিধি ভংগৰ সন্দৰ্ভত আয়োগৰ ওচৰত উত্তৰ দিয়াৰ কথা আছিল।

Advertisment

মন কৰিবলগীয়া যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে হিন্দু আৰু শিখ ধৰ্মক ব্যৱহাৰ কৰি ভোটাৰক প্ৰভাবিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত দিল্লী উচ্চ ন্যায়ালয়তো অভিযোগ দাখিল হৈছিল। আনন্দ এস জনধাল নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ত আবেদন কৰি দাবী কৰিছিল প্ৰধানমন্ত্ৰী মোডীক অহা ৬ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা দিব লাগে। অৱশ্যে ন্যায়ালয়ে আজি সেই আবেদনো খাৰিজ কৰিলে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজস্থানৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীয়ে মুছলমানসকলে অধিক সন্তান জন্ম দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকক অনুপ্ৰৱেশকাৰী আখ্যা দিছিল। তেওঁৰ এই বিতৰ্কিত মন্তব্যৰ পাছতে কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ উপৰিও ন্যায়ালয়ৰ কাষ চাপিছিল।

কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচন আয়োগে মোডীৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগক গুৰুত্ব সহকাৰে লোৱা নাই। ইফালে দিল্লী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত অভিযোগ দাখিল হোৱাৰ পাছতেই নিৰ্বাচন আয়োগে ন্যায়ালয়ক জনাই যে, ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি জাননী জাৰি কৰিছে। ইয়াৰ পাছতে ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ওপৰত তেওঁলোকৰ মতামত আৰোপ কৰাটো সম্ভৱ নহয় বুলি কৈ গোচৰটো খাৰিজ কৰে।

একে সময়তে, নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ বক্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰাও ব্যাখ্যা বিচাৰিছিল। বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজন সৃষ্টি কৰাৰ অভিযোগ কৰিছিল। কংগ্ৰেছেও ইয়াৰ উত্তৰ দিবলৈ অতিৰিক্ত ১৪ দিন বিচাৰিছে। অৱশ্যে আয়োগে বিজেপি আৰু কংগ্ৰেছক অতিৰিক্ত সময় দিবলৈ সন্মত হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

Also Read: অমিত শ্বাহৰ সংবাদমেলঃ ১১টা ডাঙৰ ঘোষণা...

কংগ্ৰেছ নিৰ্বাচন আয়োগ লোকসভা নিৰ্বাচন ২০২৪ বিজেপি