অমিত শ্বাহৰ সংবাদমেলঃ ১১টা ডাঙৰ ঘোষণা...

অমিত শ্বাহৰ সংবাদমেলঃ ১১টা ডাঙৰ ঘোষণা...

1.     ২০১৪ আৰু ২০১৯ত জনতাই আমাক মৰম আৰু বিশ্বাস দিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৪০০পাৰ কৰিবই। এয়া আমাৰ বিশ্বাস।

2.     বিজেপি শাসনলৈ আহিলে সংবিধান সুৰক্ষিত থাকিব। ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষিত পদ্ধতিত বিজেপিতে বিশ্বাস নকৰে। বিজেপি SC, ST, OBCৰ সমৰ্থক। বিজেপি শাসনলৈ আহিলে সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব বুলি অপ্ৰচাৰ কৰিছে কংগ্ৰেছে।

3.     কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিজেপিয়ে ৪০০ পাৰ নকৰিব বুলি কংগ্ৰেছে কৰা প্ৰচাৰক অপ্ৰচাৰ আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।

4.     ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আত্মবিশ্বাসেই নাই। সেয়েহে তেওঁলোকৰ নেতাই বেলেগ বেলেগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ বেকফুটত গৈছে।

5.     ৰাহুল-প্ৰিয়ংকাৰ নেতৃত্বত অতি নিম্নখাপৰ ৰাজনীতি হৈছে। তেওঁলোকে লেতেৰা ৰাজনীতি কৰিছে। তেওঁলোকে আমাৰ ভুৱা ভিডিঅ ভাইৰেল কৰি ভোট লোৱাৰ অপচেষ্টা কৰিছে।

6.     দক্ষিণ ভাৰতত বিজেপিৰ এইবাৰ ভাল ফলাফল হব। সমগ্ৰ ভাৰতত এতিয়ালৈকে হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰাটো নিশ্চিত।

7.     বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই আৰু নকৰে। কৰ্ণাটকত মুছলমানৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

8.     অসমত এতিয়া উন্নয়নৰ গংগা বৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া অসমত কেৱল প্ৰগতি।

9.     অসমৰ ৰাইজে বিজেপিৰ আন্তৰিকতাৰে লৈছে। সেয়েহে বিগত ১০বছৰ ধৰি অসমত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।

10.   কেৰালা, কৰ্ণাটক, তেলেংগানাত লোকসভা নিৰ্বাচনৰ ফলাফল আগতকৈ বহু ভাল হব।

11.   সংখ্যালঘুক লৈ কংগ্ৰেছে সদায়েই ৰাজনীতি কৰে। কংগ্ৰেছৰ সভাপতি পদটো সংখ্যালঘুক দিব পাৰিব নেকি বুলি প্ৰশ্ন অমিত শ্বাহৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in