কেজৰিৱালে ক'লে- ১৪০ কোটি জনতাই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব...

দেশবাসীক জনালে ধন্যবাদ
কেজৰিৱালে ক'লে- ১৪০ কোটি জনতাই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব...
কেজৰিৱালে ক'লে- ১৪০ কোটি জনতাই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব...

ডিজিটেল ডেস্কঃ ''জে'লৰ তলা ভাঙি গ'ল, কেজৰিৱাল মুকলি হৈ গ'ল'' (জে'ল কে' তালে' টুট গ'য়ে, কেজৰিৱাল ছুট গ'য়ে)- অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ে আজি অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছতে তিহাৰ কাৰাগাৰৰ বাহিৰত আম আদমি পাৰ্টীৰ সদস্যসকলৰ লগতে অৰবিন্দ কেজৰিৱালৰ অনুৰাগীসকলে এই শ্লোগানেৰে আকাশ বতাহ কপাই তুলিলে। অনুৰাগী, দলীয় কৰ্মীৰ এনে শ্লোগানৰ মাজতেই আজি সন্ধিয়া তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল দিল্লীৰ সুৰা কেলেংকাৰীত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা মুখ্যমন্ত্ৰীগৰাকী।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে আজি কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাত ৫০ দিনৰ পাছত মুকলি আকাশৰ তললৈ আহিল কেজৰিৱাল। আহিয়েই তেওঁ ক'লে- ''মই কৈছিলো, সোনকালেই ঘূৰি আহিম, আহি গ'লোঁ। সকলোতকৈ প্ৰথমে মই হনুমানজীৰ চৰণত বন্দনা কৰিব বিচাৰোঁ। হনুমানজীৰ আশীৰ্বাদত মই আজি আপোনালোকৰ মাজত আছোঁ।''

তেওঁ পুনৰ কয়, ''মই আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। সমগ্ৰ দেশৰ কোটি কোটি মানুহে প্ৰাৰ্থনা কৰি তেওঁলোকৰ আশীৰ্বাদ মোক দিলে। মই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বাবেই মই আজি আপোনালোকৰ মাজত আছোঁ।''   

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ''আমি সকলোৱে মিলি দেশক একনায়কত্ববাদৰ পৰা ৰক্ষা কৰিব লাগিব। মই দেহ, মন, ধনৰ সৈতে যুঁজ দি আছো। একনায়কত্ববাদৰ বিৰুদ্ধে সংঘৰ্ষ কৰি আছো। কিন্তু ১৪০ কোটি জনতাই একেলগে এই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব।''

আপৰ নেতাগৰাকীয়ে তিহাৰ কাৰাগাৰৰ পৰা ওলাই এইবুলিও কয় যে, তেওঁ শনিবাৰৰ পুৱা ১১ বজাত দিল্লীৰ কনট প্লেছত থকা হনুমান মন্দিৰ দৰ্শন কৰিব। তেওঁ সকলো সমৰ্থককে পুৱা ১১ বজাত এই স্থানত গৈ উপস্থিত হ’বলৈ আহ্বান জনাইছে। ইয়াৰ পাছত দিনৰ ১ বজাত তেওঁ দলীয় কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰিব।

স্মৰ্তব্য, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল যদিও তেওঁৰ সেই আবেদন নস্যাৎ কৰাত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰি যোৱা দিন কেইটাত কেইবাটাও শুনানি গ্ৰহণ কৰে আৰু শুকুৰবাৰৰ শুনানিত তেওঁক জামিন প্ৰদান কৰে। অন্তৱৰ্তীকালীন এই জামিনৰ সময়ছোৱাত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কোনো অফিচিয়েল ডিউটি পালন কৰিব নোৱাৰিব।

ইডিয়ে কেজৰিৱালৰ এই জামিন আবেদনৰ বিৰোধিতা কৰিছিল যদিও ইডিৰ অধিবক্তাৰ যুক্তিক অগ্ৰাহ্য কৰিলে ন্যায়ালয়ে। আনহাতে যোৱা ৭ মে’ত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনৰ সময়ত কিয় গ্ৰেপ্তাৰ কৰা হ’ল বুলিও ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হয় ইডি।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেতিয়াৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়াকে ধৰি আন একাংশ আপ নেতাক অভিযোগ কৰি ২০২২ তে দিল্লীৰ লেফটেনেণ্ট গৰ্ভনৰ ভি কে ছাক্সেনাই চি বি আইত গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰ ইডিৰ হাতলৈ যায়। এই গোচৰতে এতিয়াও কাৰাগাৰত বন্দী হৈ আছে মনিষ ছিচোদিয়া।

কেজৰিৱালে ক'লে- ১৪০ কোটি জনতাই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব...
অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in