সাৰ পাইছে আন্না হাজাৰেঃ EDয়ে অভিযান চলোৱা নেতাক ভোট নিদিবলৈ আহ্বান...

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে আন্না হাজাৰেৰ আহ্বান
সাৰ পাইছে আন্না হাজাৰেঃ EDয়ে অভিযান চলোৱা নেতাক ভোট নিদিবলৈ আহ্বান...
সাৰ পাইছে আন্না হাজাৰেঃ EDয়ে অভিযান চলোৱা নেতাক ভোট নিদিবলৈ আহ্বান...

ডিজিটেল ডেস্কঃ দুৰ্নীতি বিৰোধী আন্দোলনেৰে দেশত জনপ্ৰিয় হৈ পৰিছিল আন্না হাজাৰে। নিজকে গান্ধীবাদী হিচাপে পৰিচয় দিয়া আন্না হাজাৰেৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দেশজুৰি এক প্ৰৱল জনমত গঠনেৰে আন্দোলন তীব্ৰ হৈ পৰিছিল। কংগ্ৰেছৰ শেষৰটো কাৰ্যকালৰ শেষৰ ফালে দিল্লীৰ ৰামলীলা মৈদানত অনশনত বহিছিল এইগৰাকী নেতা। কাষত আছিল অৰবিন্দ কেজৰিৱাল, মনিষ ছিচোদিয়া, কিৰণবেদী, অখিল গগৈ আদিৰ দৰে নেতাসকল।

২০১৪ ত দেশত বিজেপিৰ চৰকাৰ গঠন হোৱাত আন্না হাজাৰেৰ এই দুৰ্নীতি বিৰোধী আন্দোলনৰ এক ভূমিকা আছিল। এই আন্দোলনে কংগ্ৰেছৰ বিৰুদ্ধে এক জনমত গঠন কৰিছিল। কিন্তু দেশত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা হঠাৎ প্ৰায় নিৰুদ্দেশ হৈ পৰিল এইগৰাকী আন্না হাজাৰে।

সংবিধান উলংঘনেৰে বৈধভাৱেই ইলেক্ট্ৰৰেল বণ্ডৰ দৰে ব্যৱস্থাৰে দেশত হাজাৰ হাজৰ কোটি টকাৰ দুৰ্নীতিৰ ঘটনা পোহৰলৈ অহাৰ পিছতো নিমাত এইগৰাকী নেতা। কেৱল সেয়াই নহয় দেশত যোৱা প্ৰায় ১০ টা বছৰত বহু নঘটিবলগীয়া ঘটনা ঘটিল যদিও কোনো এটা ঘটনাৰ সময়তে মাত দিবলৈ সময় নাপালে তেওঁ।

কিন্তু দেশৰ অষ্টাদশ লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ পুৱাই এইগৰাকী নেতাই হঠাৎ যেন টোপনিৰ পৰা সাৰ পালে। দেশবাসীক কাক ভোট দিব অথবা কাক ভোট নিদিব সেই বিষয়ে পৰামৰ্শ আগবঢ়াইছে। পিছে তেওঁৰ এই পৰামৰ্শই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে তেওঁ বহুতৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

গান্ধীবাদী নেতাগৰাকীয়ে যিসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে আৰু যিসকলৰ বিৰুদ্ধে ইডিৰ দৰে সংস্থাই অভিযান চলাইছে সেইসকলক ভোট নিদিবলৈ আহ্বান কৰিছে। ইয়াতে ক্ষুন্ন হৈ পৰিছে নেটিজেনসকল। তেওঁলোকে উভতি ধৰিছে আন্না হাজাৰেক।

যোৱা সময়ছোৱাত ইডি, চিবিআই, আয়কৰ বিভাগ, নিয়া আদিৰ দৰে স্বতন্ত্ৰ সংস্থাসমূহৰ কামকাজক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই সংস্থাসমূহে বিজেপি চৰকাৰৰ নিৰ্দেশতে বিৰোধী ৰাজনৈতিক নেতা, সমাজকৰ্মী, প্ৰভাৱগোষ্ঠীসমূহৰ নেতাৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ আছে। বিৰোধীৰ মুখ বন্ধ কৰিবলৈ, বিৰোধী নেতাক নিজৰ দললৈ আনিবলৈ অথবা অবেজিপি শাসিত ৰাজ্যসমূহৰ নেতৃত্বৰ বিৰুদ্ধে এই সংস্থাবোৰ ব্যৱহাৰ কৰি সেই ৰাজ্যবোৰত বিজেপি চৰকাৰ গঠন কৰাৰ অভিযোগ মুকলিকৈয়ে উত্থাপন হৈ আহিছে।

তেনে ক্ষেত্ৰত আন্না হাজাৰেৰ দৰে নেতাই ইডিয়ে তদন্ত চলোৱা নেতাক ভোট নিদিবলৈ কৈ আন্না হাজাৰেয়ে বিজেপিকেই ভোট দিবলৈ প্ৰকাৰন্তৰে আহ্বান জনাইছে বুলিও চৰ্চা চলিছে।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে কাৰাগাৰৰ পৰা অন্তৱৰ্তীকালীন জামিনত মুকলি হৈ আহিছে অৰবিন্দ কেজৰিৱাল। জে'লৰ পৰা আহিয়েই তেওঁ বিজেপিৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰ চলাইছে। অৰবিন্দ কেজৰিৱালে এনে কেতবোৰ মন্তব্যৰে দলটোক সমাচোলচনা কৰিছে যে যাৰ উত্তৰ দিবলৈ সাহস কৰিব পৰা নাই বিজেপি নেতৃত্বই।

কেজৰিৱালৰ এনে চোকা সমালোচনা আৰু প্ৰচাৰৰ মাজতে এতিয়া অভিযোগ উঠিছে বিজেপিৰ চক্ৰান্ততে আন্না হাজাৰেই এই মন্তব্য কৰিছে। অৰবিন্দ কেজৰিৱালৰ একালৰ গুৰু ৮৬ বছৰীয়া আন্না হাজাৰেয়ে কৈছে, এনেকুৱা কাকো ভোট নিদিব যাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে। যাৰ বিৰুদ্ধে ইডিয়ে তদন্ত কৰিছে। এইসকলো সীমা অতিক্ৰম কৰি তেওঁ অৰবিন্দ কেজৰিৱালক আখ্যা দিছে মদাহী।

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ পুৱা আন্না হাজাৰেয়ে কয়, "আজি গণতন্ত্ৰৰ উৎসৱ। সকলোৱে এই উৎসৱত অংশগ্ৰহণ কৰা উচিত আৰু সৎ লোক নিৰ্বাচিত কৰা উচিত। ৰাষ্ট্ৰ নিৰ্মাণৰ চাবিকাঠি এতিয়া জনতাৰ হাতত আছে। ফলস্বৰূপে, নিৰ্বাচনী প্ৰক্ৰিয়া সঠিক হ'ব লাগিব। পৰিষ্কাৰ প্ৰতিচ্ছবি থকা সঠিক লোক নিৰ্বাচিত কৰক। ইডিয়ে যিসকলৰ বিৰুদ্ধে তদন্ত কৰিছে তেওঁলোকক ভোট নিদিব।

ইয়াৰোপৰি তেওঁ কয়, "ধনৰ বিনিময়ত ভোট দিয়াটো দেশৰ দুৰ্ভাগ্য আৰু ছহিদসকলৰ বাবে অপমান। গতিকে যিসকলৰ শৰীৰত দুৰ্নীতিৰ দাগ নাই তেওঁলোকক ভোট দিয়ক।'' দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি হাজাৰেয়ে কয়, "আবকাৰী কেলেংকাৰীত অভিযুক্ত অৰবিন্দ কেজৰিৱালক মই তীব্ৰ গৰিহণা দিছো। তেওঁ দুৰ্নীতি কৰিছিল, কাৰণ তেওঁ নিজেই সুৰাৰ নিচাত আছে। এনে লোকসকলক দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰা উচিত নহয়।''

উল্লেখ্য যে, আন্না হাজাৰেয়ে কেৱল এইবাৰে নহয়, ইয়াৰ পূৰ্বেও একালৰ সতীৰ্থ অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিছিল। তেওঁ অৰবিন্দ কেজৰিৱালে নীতিৰ বিৰুদ্ধে কাম কৰিছে আৰু এই কামৰ বাবে পৰিণামো ভূগিব লাগিব বুলি কৈছিল। পিছে আন্না হাজাৰেয়ে এইদৰে অৰবিন্দ কেজৰিৱালক যেতিয়াই সমালোচনা কৰিছে তেতিয়াই তেওঁ নিজেই বিভিন্ন প্ৰশ্নৰ মুখামুখী হৈছে। কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আহৰি পোৱা নাই ৮৬ বছৰীয়া হাজাৰেয়ে।

সাৰ পাইছে আন্না হাজাৰেঃ EDয়ে অভিযান চলোৱা নেতাক ভোট নিদিবলৈ আহ্বান...
অন্ধ্ৰপ্ৰদেশৰ ভোটকেন্দ্ৰত ভোটাৰক প্ৰহাৰ বিধায়কৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in