বিশ্বকাপৰ মাজতে অৱসৰ ঘোষণা ভাৰতৰ এইগৰাকী অলৰাউণ্ডাৰৰ...

এক্স আৰু ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অৱগত কৰিলে অনুৰাগীক

author-image
Asomiya Pratidin
New Update
বিশ্বকাপৰ মাজতে অৱসৰ ঘোষণা ভাৰতৰ এইগৰাকী অলৰাউণ্ডাৰৰ...

বিশ্বকাপৰ মাজতে অৱসৰ ঘোষণা ভাৰতৰ এইগৰাকী অলৰাউণ্ডাৰৰ...

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপ চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অল ৰাউণ্ডাৰ কেডাৰ যাদৱে। অলৰাউণ্ডাৰগৰাকীয়ে সোমবাৰে নিজৰ এক্স আৰু ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰিছে।

Advertisment

মহাৰাষ্ট্ৰৰ এইগৰাকী ক্ৰিকেটাৰে ইনষ্টাগ্ৰামত কিশোৰ কুমাৰৰ জনপ্ৰিয় 'জিন্দেগী কি ছফৰ মে' শীৰ্ষক গীতটো বেকগ্ৰাউণ্ডত ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰৰ বহুকেইটা স্মৰণীয় মুহূৰ্তৰ ফটো ব্যৱহাৰ কৰি এটা ৰীল আপলোড কৰিছে। য'ত কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে আই পি এলৰ প্ৰাই কেইটা ফ্ৰেঞ্চাইজি আৰু ক্ৰিকেট ৱেবচাইটে মন্তব্য কৰি তেওঁক পৰৱৰ্তী জীৱনলৈ শুভেচ্ছা জনাই ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে ভাৰতৰ হৈ মুঠ ৭৩ খন এদিনীয়া আৰু ৯ খন টি-২০ খেলিছিল। ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰো সদস্য আছিল কেডাৰ যাদৱ। সেইবাৰ ভাৰতীয় দলটোৱে ছেমি ফাইনেল খেলিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যাদৱে ৭৩ খন এদিনীয়া খেলি মুঠ ১৩৮৯ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ বেটৰ পৰা আহিছে ২ টা শতক আৰু ৬ টা অৰ্ধশতকীয় ইনিংছ। আনহাতে ৯ খন টি-২০ খেলি তেওঁ ১২২ ৰাণ সংগ্ৰহ কৰিছে। ল’ আৰ্ম অফস্পীনাৰগৰাকীয়ে এদিনীয়াত ৫.৫ ইকনমিৰে মুঠ ২৭ টা উইকেট লাভ অৰ্জন ৰৰিছে।

অৱসৰী যাদৱে কেৰিয়াৰৰ অন্তিমখন মেচ খেলিলে ঘৰুৱা ক্ৰিকেটত। যোৱা ফেব্ৰুৱাৰীত তেওঁ মহাৰাষ্ট্ৰৰ হৈ বিদৰ্ভৰ বিৰুদ্ধে পুনেত খেলিছিল এই মেচখন। ২০২৩-২৪ ছিজনত তেওঁ ৫ খন ৰঞ্জী খেলি এটা শতকীয় ইনিংছৰ সৈতে মুঠ ৩৭৯ সংগ্ৰহ কৰিছিল। ঘৰুৱা তথা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৬১০০ ৰাণ কৰিছে। ইয়াত আছে তেওঁ ১৭ টা শতক আৰু ২৩ টা অৰ্ধশতক।

Also Read: বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...

ক্ৰিকেট টি-২০ বিশ্বকাপ টীম ইণ্ডিয়া