/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/70ce0009-8f08-4025-a288-8e4ae1d0329a/vt_26.jpg)
মণিপুৰত ৬৮.৪৮ শতাংশৰ বিপৰীতে মহাৰাষ্ট্ৰত মাত্ৰ ৪৩.০১ শতাংশ ভোটদান...
ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ৩ বজালৈকে অসমৰ মুঠ ৫ টা লোকসভা সমষ্টিত ৬০.৩২ শতাংশ ভোটাৰে ভোটদান কৰিছে। সমষ্টি অনুসৰি এই সময়ছোৱাত সৰ্বাধিক ভোটদান হৈছে দৰং-ওদালগুৰি সমষ্টিত। সমষ্টিটোত ৩ বজালৈকে ৬৪.৪৩ শতাংশ ভোটদান হৈছে। ইয়াৰ বিপৰীতে ডিফুত ৬০.৭৪ শতাংশ, কৰিমগঞ্জত ৬০.৩৬ শতাংশ, নগাওঁ সমষ্টিত ৬০.৫৬ শতাংশ আৰু শিলচৰ ৫৩.০৬ শতাংশ ভোটদান হৈছে।
অসমৰ উপৰি বিহাৰত ৪৪.২৪ শতাংশ, ছত্তিশগড়ত ৬৩.৯২ শতাংশ, জম্মু-কাশ্মীৰত ৫৭.৭৬ শতাংশ, কৰ্ণাটকত ৫০.৯৩ শতাংশ, কেৰালাত ৫১.৬৪ শতাংশ, মধ্যপ্ৰদেশত ৪৬.৬৮ শতাংশ, মহাৰাষ্ট্ৰত ৪৩.০১ শতাংশ, মণিপুৰত ৬৮.৪৮ শতাংশ, ৰাজস্থানত ৫০.২৭ শতাংশ, ত্ৰিপুৰাত ৬৮.৯২ শতাংশ আৰু উত্তৰ প্ৰদেশত ৬০.৬০ শতাংশ ভোটদান হৈছে।
Also Read: লামডিঙত আবদ্ধ শিলচৰৰ যাত্ৰীঃ বাছ ভাড়া কৰি পঠিয়ালে ৰে'ল বিভাগে, বহুতে দিব নোৱাৰিলে ভোট...