নিৰ্বাচনৰ পাছতে দেশৰ বহু ক্ষুদ্ৰ আঞ্চলিক দল চামিল হ'ব কংগ্ৰেছত ! শাৰদ পাৱাৰে দিলে ইংগিত

মৰাঠা ষ্ট্ৰং মেনৰ মন্তব্যত দেশৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ ইংগিত
নিৰ্বাচনৰ পাছতে দেশৰ বহু ক্ষুদ্ৰ আঞ্চলিক দল চামিল হ'ব কংগ্ৰেছত ! শাৰদ পাৱাৰে দিলে ইংগিত
নিৰ্বাচনৰ পাছতে দেশৰ বহু ক্ষুদ্ৰ আঞ্চলিক দল চামিল হ'ব কংগ্ৰেছত ! শাৰদ পাৱাৰে দিলে ইংগিত

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ সৈতে চামিল হ’ব মহাৰাষ্ট্ৰৰ শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি! কেৱল এয়েই নহয়, বহু ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দল চামিল হ’ব কংগ্ৰেছৰ সৈতে ! দেশৰ ৰাজনীতিত নতুন পট পৰিবৰ্তনৰ এই ইংগিতেই দিলে শাৰদ পাৱাৰে।

শেহতীয়াকৈ প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে এক ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ আগত দিয়া সাক্ষাৎকাৰত এই ইংগিত পোৱা গৈছে। শাৰদ পাৱাৰে মন্তব্য কৰিছে, লোকসভা নিৰ্বাচনৰ পাছত সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলবোৰৰ কংগ্ৰেছৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইয়াৰে কোনো কোনো ৰাজনৈতিক দল কংগ্ৰেছৰ সৈতে চামিল হৈ পৰিব।

পাৱাৰৰ এই মন্তব্যৰ পাছতে এন চি পি কংগ্ৰেছৰ সৈতে চামিল হ’ব নেকি বুলিও এতিয়া প্ৰশ্নৰ সৃষ্টি কৰিছে। বহুতেই পৰিৱৰ্তিত ৰাজনীতিৰ পৰিৱেশ অধ্যয়ন কৰি পাৱাৰৰ এন চি পি কংগ্ৰেছৰ সৈতে চামিল হোৱাৰ সম্ভাৱনাই অধিক বুলি মন্তব্য কৰিছে।

ইফালে পাৱাৰে পুনৰ কয় যে, আমাৰ দল কংগ্ৰেছত কৈ বৰ বেছি পৃথক নহয়। আমিও গান্ধী, নেহৰুৰ আদৰ্শক বিশ্বাস কৰোঁ। মাৰাঠা ষ্ট্ৰং মেন হিচাপে পৰিচিত পাৱাৰৰ এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

পাৱাৰৰ মন্তব্যৰ পাছতে সৰ্বত্ৰে এতিয়া প্ৰশ্ন- সঁচাকৈয়ে এন চি পি কংগ্ৰেছৰ সৈতে চামিল হ’ব নেকি?  অজিত পাৱাৰৰ নেতৃত্বত এন চি পিৰ এটা দল ওলাই গৈ বিজেপিৰ সৈতে মিত্ৰতাৰে মহাৰাষ্ট্ৰৰ চৰকাৰত চামিল হোৱাৰ পিছতে শিৱসেনাৰ দৰেই এন চি পি দুভাগত বিভক্ত হৈছে। সেয়ে এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজনীতিও এতিয়া বহু পৰিৱৰ্তন হৈছে।

দেশৰ ৰাজনীতি পূৰ্বৰ দৰে হৈ থকা নাই। সকলো সময়ত বিৰোধী ৰাজনৈতিক দল আৰু নেতা এক সংশয়ৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হৈছে বুলি চৰ্চা অব্যাহত আছে। এনে পৰিস্থিতিত শাৰদ পাৱাৰৰ দৰে অভিজ্ঞ আৰু জ্যেষ্ঠ ৰাজনৈতিক নেতাই ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দল কংগ্ৰেছৰ সৈতে চামিল হ’ব বুলি কৰা এই মন্তব্য বহু গুৰুত্বপূৰ্ণ।  

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও শাৰদ পাৱাৰৰ এন চি পি কংগ্ৰেছৰ সৈতে চামিল হ’ব বুলি চৰ্চা চলিছিল। অৱশ্যে সেই চৰ্চাৰ পাছতো এন চি পি কংগ্ৰেছৰ সৈতে চামিল নহ’ল। কিন্তু এইবাৰ সেই সম্ভাৱনা অধিক উজ্জ্বল বুলি দাবী কৰিছে বহুতেই।

কিয়নো ২০১৯ ৰ তুলনাত এতিয়া শাৰদ পাৱাৰৰ দল যঠেষ্ট দুৰ্বল হৈ পৰিছে। শাৰদ পাৱাৰৰ হাতত তেওঁৰ পুৰণি দলীয় প্ৰতীকো নাই। বিজেপিৰ সৈতে মিত্ৰতাত থকা ভতিজা অজিত পাৱাৰো এতিয়া তেওঁৰ কাষলৈ ঘূৰি অহাতো সম্ভৱ নহয়।

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত অজিত পাৱাৰে বিজেপিৰ সংগ ত্যাগ কৰিলেই যে কাৰাগাৰ অভিমুখী হ’ব লাগিত সেয়া তেওঁ নিজেও ভালকৈয়ে জানে। এনে পৰিস্থিতিত শাৰদ পাৱাৰৰ এন চি পি কংগ্ৰেছৰ সৈতে চামিল হোৱাটো প্ৰায় নিশ্চিত বুলিও ৰাজনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে।

ইফালে মহাৰাষ্ট্ৰৰ বিৰোধী কংগ্ৰেছৰ নেতা বিজয় ৱাদেট্টিৱাৰে সংবাদ মাধ্যমৰ আগত কয়,- ''শাৰদ পাৱাৰজীয়ে গান্ধীৰ আদৰ্শৰ ৰাজনীতি কৰে। তেওঁ নিশ্চয় বুজিছে কংগ্ৰেছত যোগদান কৰাতোঁৱেই তেওঁৰ বাবে ভাল। আমি তেওঁক স্বাগতম জনাম।''

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যই এই কথাও স্পষ্ট কৰিছে যে শাৰদ পাৱাৰৰ দল এন চি পিক তেওঁলোকৰ আদৰি লোৱাত কোনো আপত্তি নাই। যদি চৰ্চা হোৱাৰ দৰেই এন চি পি কংগ্ৰেছত চামিল হয় তেন্তে মহাৰাষ্ট্ৰ ৰাজনীতিয়েই নহয় দেশৰ ৰাজনীতিত যে আগন্তুক সময়ত বহু পৰিৱৰ্তন দেখিবলৈ পোৱা যাব সেয়া নিশ্চিত।  

নিৰ্বাচনৰ পাছতে দেশৰ বহু ক্ষুদ্ৰ আঞ্চলিক দল চামিল হ'ব কংগ্ৰেছত ! শাৰদ পাৱাৰে দিলে ইংগিত
পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in