ডিজিটেল ডেস্কঃ কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে জম্মু কাশ্মীৰৰ পৰা বাতিল কৰিলে সংবিধানৰ ৩৭০ অনুচ্ছেদ। ফলত জম্মু কাশ্মীৰে হেৰুৱালে বিশেষ ৰাজ্যৰ মৰ্যাদা।
জম্মু কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন। এই নিৰ্বাচনত এতিয়া ৩৭০ ৰ প্ৰত্যাহাৰৰ সুযোগ গ্ৰহণ কৰিয়েই প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিব 'বহিৰাগত' প্ৰাৰ্থিয়ে।
উল্লেখ্য যে, ৩৭০ প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া জম্মু কাশ্মীৰৰ ভূমিপুত্ৰ নহ'লেও অঞ্চলটোত ভোট দিয়াৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰো অধিকাৰ লাভ কৰিছে আন ভাৰতীয়ই। তাৰেই সুযোগত অনন্তনাগ-ৰজৌৰী লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থি হিচাপে শনিবাৰে মনোনয়ন দাখিল কৰিলে পঞ্জাবৰ মোহালিৰ বাসিন্দা বলদেব কুমাৰে।
তেওঁ কাশ্মীৰৰ ইতিহাসত প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হ'ল যিয়ে অন্য ৰাজ্যৰ বাসিন্দা হৈয়ো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়িছে। অৱশ্যে পঞ্জাৱৰ মোহালিৰ নাগৰিক হ'লেও বলদেব কুমাৰ এতিয়া জম্মু-কাশ্মীৰতেই থাকে।
৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত নিৰ্বাচন আয়োগে জনাইছিল জম্মু-কাশ্মীৰত বাস কৰা আন ৰাজ্যৰ নাগৰিকেও বিধাসভা নিৰ্বাচনত ভোটাধিকাৰ লাভ কৰিব। ইয়াৰ ফলত নতুন ভোটাৰ তালিকাত নতুনকৈ বহু লক্ষ্য মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। জম্মু-কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰ নোহোৱা হলে নতুনকৈ এই কেইবালক্ষ্য মানুহ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ নাপালে হয়।
মোননয়ন দাখিলৰ পাছত বলদেবে সংবাদ মাধ্যমৰ আগত কয়, মই ২০১৪ চনৰ বানপানীৰ সময়ৰে পৰা কাশ্মীৰৰ মানুহৰ বাবে কাম কৰি আহিছোঁ। বছৰৰ বহু সময় মই ইয়াতেই পাৰ কৰোঁ। জম্মু কাশ্মীৰৰ অনেক শিক্ষাৰ্থীৰ শিক্ষাৰ পৃষ্ঠপোষকতা কৰিছোঁ। কাশ্মীৰৰ পৰা যিসকল লোক পঞ্জাৱত চিকিৎসাৰ বাবে যায় তেওঁলোকৰ থকাৰ বাবে এটা ভৱন নিৰ্মাণ কৰি ৰাখিছোঁ যাতে তেওঁলোকে তাতেই থাকি চিকিৎসা কৰিব পাৰে। তেওঁ আশা কৰিছে কাশ্মীৰৰ জনতাই তেওঁক নিৰ্বাচিত কৰি দিল্লীলৈ প্ৰেৰণ কৰিব।
Also Read: নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনাঃ ২১ জন সুৰক্ষা কৰ্মী আহত...