নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনাঃ ২১ জন সুৰক্ষা কৰ্মী আহত...

মধ্যপ্ৰদেশত বেতুলত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা
নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনাঃ ২১ জন সুৰক্ষী কৰ্মী আহত...
নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনাঃ ২১ জন সুৰক্ষী কৰ্মী আহত...

ডিজিটেল ডেস্কঃ ১৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দায়িত্ব সামৰি উভতাৰ পথতে এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে ২১ জনকৈ সুৰক্ষা কৰ্মী আহত হোৱাৰ এক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। শুকুৰবাৰে দেশৰ মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সম্পন্ন হৈ যায় অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

এই ভোটগ্ৰহণৰ দায়িত্ব সামৰি ঘূৰি অহাৰ পথতে শনিবাৰে পুৱতি নিশা মধ্যপ্ৰদেশৰ বেতুলত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত মধ্যপ্ৰদেশত মুঠ ৬ টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ইয়াৰে ছিন্দৱাৰাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ দায়িত্বত আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ সুৰক্ষাকৰ্মীসকল।

জানিব পৰা মতে বাছখনত আছিল ৪০ জন লোক। ইয়াৰ মাজত আছিল কেইবাজনো গৃহৰক্ষীৰ জোৱান। তেওঁলোকে ছিন্দৱাৰাৰ পৰা ভোপাল-বেতুল ৰাজপথৰে ৰাজগড়লৈ উভতিছিল।

এই উভতনি যাত্ৰাতে পুৱতি নিশা প্ৰায় ৪ বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত ২১ জনকৈ সুৰক্ষা কৰ্মী আহত হয়। ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক।

বেতুলৰ এছ ডি পি অ' শালিনী পাৰাষ্টে ঘটনা সন্দৰ্ভত কয়, ''দুৰ্ঘটনাগ্ৰস্ত বাছখনত কেন্দ্ৰীয় বাহিনীৰ জোৱান, আৰক্ষী কৰ্মী আৰু গৃহৰক্ষী জোৱান মিলাই মুঠ ৪০ জন লোক আছিল। ছিন্দিৱাৰাত ভোটগ্ৰহণৰ দায়িত্বত আছিল তেওঁলোক। তাৰ পৰাই ৰাজগড়লৈ উভতিছিল।''

ইয়াৰোপৰি তেওঁ প্ৰাথমিক তদন্ত অনুসৰি কয়, এখন ট্ৰাক পাৰ হৈ যোৱাৰ সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজপথেৰে গৈ থকা আন আন বাহনসমূহ ৰখাই চালকসকলে উদ্ধাৰ অভিযান চলাই আৰু স্থানীয় আৰক্ষীকো খবৰ দিয়ে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে আহাতসকলক স্থানীয় হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনাঃ ২১ জন সুৰক্ষী কৰ্মী আহত...
'দিল্লীৰ নাগৰিকক বিনামূলীয়াকৈ ঔষধ দিয়া অৰবিন্দ কেজৰিৱালে পোৱা নাই ঔষধ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in