ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, মৃত্যু ৪ জনৰ

বৃহস্পতিবাৰে পুৱা চিলাপথাৰৰ চিলাসুঁতিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত একে পৰিয়ালৰে দুজন সদস্যসহ ৪ জনৰ মৃত্যু।

author-image
Asomiya Pratidin
New Update
ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, মৃত্যু ৪ জনৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা চিলাপথাৰৰ চিলাসুঁতিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত একে পৰিয়ালৰে দুজন সদস্যসহ ৪ জনৰ মৃত্যু।

Advertisment

ৰৈ থকা অৱস্থাত দুজন লোকক প্রচণ্ড জোৰেৰে খুন্দা বিলাসী বাহনৰ। যাৰ ফলত থিতাতে নিহত একে পৰিয়ালৰে সদস্য আজা চুক্রাং আৰু জয়া চুক্রাং। একে সময়তে এখন বাইকতো খুন্দা মাৰে টাটা পাঞ্চ বাহনখনে।

যাৰ ফলত ঘটনাস্থলীতে বাইকখনৰ আৰোহী এজনৰ মৃত্যু হয়। সংকটজনক অৱস্থাত আন এজনক চিকিৎসালয়লৈ নিয়াৰ হৈছিল যদিও আধা বাটতেই তেওঁ মৃত্যুক সাৱতি লয়। নিহত দুই বাইক আৰোহীৰ নাম দিনেশ পেগু আৰু ভৱকান্ত দলে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: চৰকাৰে নিষিদ্ধ কৰিলে হুক্কা সেৱন

Assam police