/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/104c9961-c85c-4f7f-90bd-d74a40234d14/4th_phase_13.jpg)
জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ মাত্ৰ ৩৫.৭৫ শতাংশঃ বংগতেই সৰ্বাধিক...
ডিজিটেল ডেস্কঃ আজি দেশৰ ১০ খন দেশত অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই ১০ খন ৰাজ্যৰ ৯৬ খন মুঠ ১৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। এইসকলৰ ভিতৰত উত্তৰ প্ৰদেশত অখিলেখ যাদৱ, পশ্চিমবংগত মহুৱা মৈত্ৰ, অধীৰ ৰঞ্জন চৌধুৰী, শত্ৰুঘ্ন সিনহা, বিহাৰত গীৰিৰাজ সিং, অন্ধ্ৰপ্ৰদেশত ৱাই এছ শৰ্মিলা, ঝাৰখণ্ডত অৰ্জুন মুণ্ডা আৰু হায়দৰাবাদত আছাদুদ্দিন ওৱেইছি অন্যতম শক্তিশালী আৰু বহু চৰ্চিত প্ৰাৰ্থী।
১০ ৰাজ্যৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত ১০ খন, তেলেংগানাত ১৭ খন, উত্তৰ প্ৰদেশত ১৩ খন, মহাৰাষ্ট্ৰত ১১ খন , পশ্চিমবংগত ৮ খন, মধ্যপ্ৰদেশত ৮ খন, বিহাৰত ৫ খন, ঝাৰখণ্ডত ৫ খন, উৰিষ্যাত ৪ খন আৰু জম্মু-কাশ্মীৰত এখন আসনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি ৫ বজালৈকে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত আটাইকেইখন ৰাজ্য মিলাই ৬২.০৪ শতাংশ ভোটদান হৈছে। ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত ৬৮.০৪ শতাংশ, বিহাৰত ৫৪.১৪ শতাংশ, জম্মু কাশ্মীৰত মাত্ৰ ৩৫.৭৫ শতাংশ, ঝাাৰখণ্ডত ৬৩.১৪ শতাংশ, মধ্যপ্ৰদেশত ৬৮.০১ শতাংশ, মহাৰাষ্ট্ৰত ৫২.৪৯ শতাংশ, উৰিষ্যাত ৬২.৯৬ শতাংশ, তেলেংগানাত ৬১.১৬ শতাংশ, উত্তৰ প্ৰদেশত ৫৬.৩৫ শতাংশ, পশ্চিমবংগত ৭৫.৬৬ শতাংশ ভোটদান হৈছে।