/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/70ce0009-8f08-4025-a288-8e4ae1d0329a/vt_26.jpg)
এই পৰ্যন্ত ত্ৰিপুৰাত সৰ্বাধিক, মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদান...
ডিজিটেল ডেস্কঃ দেশৰ মুঠ ১৩ খন ৰাজ্যত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। অসমকে ধৰি ১৩ খন ৰাজ্যৰ ৮৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব জনতাই।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজাৰ ভিতৰত অসমত ২৭.৪৩ শতাংশ, বিহাৰত ২১.৬৮ শতাংশ, চত্তিশগড়ত ৩৫.৪৭ শতাংশ, জম্মু আৰু কাশ্মীৰত ২৬.৬১ শতাংশ, কৰ্ণাটকত ২২.৩৪ শতাংশ, কেৰালাত ২৫.৬১ শতাংশ, মধ্যপ্ৰদেশত ২৮.১৫ শতাংশ, মহাৰাষ্ট্ৰত ১৮.৮৩ শতাংশ, মণিপুৰত ৩৩.২২ শতাংশ, ৰাজস্থানত ২৬.৮৪ শতাংশ, ত্ৰিপুৰাত ৩৬.৪২ শতাংশ, উত্তৰ প্ৰদেশত ২৪.৩১ শতাংশ, পশ্চিমবংগত ৩১.২৫ শতাংশ ভোটদান হৈছে।
অসমৰ ৫ টা লোকসভা সমষ্টিৰ ভিতৰত দৰং-ওদালগুৰি সমষ্টিত২৮.৮১ শতাংশ, ডিফুত ৩০.৮২ শতাংশ, কৰিমগঞ্জত ২৯.৯৯ শতাংশ, নগাওঁ সমষ্টিত ২৫.২৯ শতাংশ আৰু শিলচৰ সমষ্টিত ২৩.২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
Also Read: ভাৰত এৰি যাবগৈ হোৱাটছএপ ! দিল্লী উচ্চ ন্যায়ালয়ক জনালে কৰ্তৃপক্ষই...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us