/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c9b8efb6-374f-438c-bb3f-7dbb8d5a62a1/modi_6.jpg)
স্মৃতি ইৰাণীয়েই নহয়, মোডী মন্ত্ৰীসভাৰ ২২ মন্ত্ৰীৰ পৰাজয়...
ডিজিটেল ডেস্কঃ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে সৰ্বাধিক চৰ্চিত বিষয়টোৱেই হৈছে বিজেপিয়ে লাভ নকৰিলে সংখ্যাগৰিষ্ঠতা। ২০১৯ ত এককভাৱে ৩০৩ খন আসন লাভ কৰা বিজেপিয়ে এইবাৰ ২৪০ খন আসনতেই সন্তুষ্ট থাকিবলগীয়া হ’ল। যাৰ বাবে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হোৱাৰ পিছতো বিজেপি শিবিৰত দেখিবলৈ পোৱা গৈছে গোমা পৰিবেশ।
কিবা এক অনাকাংক্ষিত ভয়ে খেদি ফুৰিছে শীৰ্ষ নেতৃত্বক। ইতিমধ্যে বিজেপিৰ এনে পতনৰ বহুবোৰ কাৰক পোহৰলৈ আহিছে। এই বিষয়বোৰৰ সন্দৰ্ভত আলোচনা হৈছে। এইসমূহৰ ভিতৰত বিজেপিক সৰ্বাধিক ক্ষতি কৰা বিষয়টোৱেই হৈছে বিজেপিৰ ‘অবকি বাৰ ৪০০ পাৰ’ শ্লোগান।
এই শ্লোগানে দেশবাসীক নিশ্চিত কৰিলে যদিহে ৪০০ ৰো অধিক আসন বিজেপিয়ে লাভ কৰে তেন্তে সংবিধান সংশোধন কৰিব। সেয়ে বিজেপিৰ আসন হ্ৰাস পালে। বিজেপিৰ দুৰ্দিন আৰম্ভ হোৱাৰ সময়ত যিসকলে নেতা পৰাজিত হ’বলগীয়া হ’ল সেইসকলৰ তালিকায়ো এতিয়া বহুতৰে চকু কপালত তুলিছে।
এইবাৰ বিজেপিয়ে টিকট দিয়াৰ ক্ষেত্ৰত বহু কেইজন বৰ্তমানৰ সাংসদক টিকট বঞ্চিত কৰিছিল। কেৱল সাংসদেই নহয় বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীকো টিকটৰ পৰা বঞ্চিত কৰিছিল। তাৰ ভিতৰত অসমৰ ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও আছিল অন্যতম।
এইদৰে পৰ্যালোচনাৰ অন্তত টিকট দিয়াৰ ব্যৱস্থা কৰিছিল যদিও বিজেপিৰ পৰাজিত প্ৰাৰ্থী তালিকাত থাকিব ২২ জনকৈ কেন্দ্ৰীয় মন্ত্ৰী। এই পৰাজিত মন্ত্ৰীসকলৰ ভিতৰত আমেঠিৰ সাংসদ স্মৃতি ইৰাণীও অন্যতম।
মোডী মন্ত্ৰীসভাৰ অন্যতম শক্তিশালী মন্ত্ৰী স্মৃতি ইৰাণী প্ৰধানমন্ত্ৰীৰো অতি ঘনিষ্ঠ। ২০১৯ ত ৰাহুল গান্ধীক পৰাস্ত কৰা স্মৃতি ইৰাণী এইবাৰ কংগ্ৰেছৰ অতি পুৰণি কৰ্মী কিশোৰী লালৰ হাতত পৰাস্ত হয়।
স্মৃতি ইৰাণী আছিল মোডী মন্ত্ৰী সভাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী। সেইদৰেই এই তালিকাত আছে অৰ্জুন মুণ্ডাৰো নাম। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা আৰু কৃষি, কৃষক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ পৰাজয়ো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ঝাৰখণ্ডৰ এইগৰাকী নেতা আছিল ৰাজ্যখনৰো প্ৰাক্তন মন্ত্ৰী।
পৰাজিত মন্ত্ৰীৰ তালিকাতো এই দুই নেতাৰ উপৰিও আছে মহেন্দ্ৰ নাথ পাণ্ডে, আৰ কে সিং, ৰাজীৱ চন্দ্ৰশেখৰ, অজয় টেনি, কৌশল কিশোৰ, নিৰঞ্জন জ্যোতি, সঞ্জীৱ বালিয়ান, কৈলাশ চৌধুৰী, ডেন ৰাওচাহেব, কপিল পাটিল, ভি মুৰলীধৰণ, লোগানাথন মুৰুগান, নিশিথ প্ৰমানিক আৰু সুভাষ চৰকাৰ।
ইয়াৰে মহেন্দ্ৰ নাথ পাণ্ডে গধুৰ উদ্যোগ বিভাগৰ, ৰাজ কুমাৰ সিং শক্তি বিভাগৰ, ৰাজীৱ চন্দ্ৰশেখৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, অজয় টেনি গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, কৌশল কিশোৰ আৱাস আৰু নগৰ বিষয়ক বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছিল।
Also Read: 'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us