![cinnamon](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/27/nBH6gWX1edDpqczFrn6X.jpeg)
cinnamon
ডিজিটেল ডেস্ক: বহু শতাব্দী ধৰি ডালচেনিক প্ৰাকৃতিক ঔষধ হিচাপে গণ্য কৰি অহা হৈছে। কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, বহু আশ্চৰ্যজনক ঔষধি গুণৰে ভৰপুৰ ডালচেনি। শেহতীয়া এক অধ্যয়ন অনুসৰি, পিচিঅ'এছ (পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম) আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ দৰে হৰমনজনিত সমস্যাৰ আশংকা হ্ৰাস কৰাত ডালচেনি অত্যন্ত কাৰ্যকৰী।
পিচিঅ'এছ কি আৰু ই কিয় বিপদজনক ?
পলিচিষ্টিক ডিম্বাশয় লক্ষণ (পিচিঅ'এছ) হৈছে এক হৰমনজনিত বিকাৰ, যি প্ৰজনন বয়সৰ মহিলাসকলক প্ৰভাৱিত কৰে।শৰীৰত এই সমস্যা হ’লে ডিম্বাশয়ত সৰু চিষ্ট (পিণ্ড) সৃষ্টি হয়, যাৰ ফলত অনিয়মীয়া ঋতুস্ৰাৱ হয়। ই মহিলাৰ প্ৰজনন স্বাস্থ্যত বাধা প্ৰদান কৰাৰ লগতে ওজন বৃদ্ধি, শালমইনা, চুলি সৰা আৰু বন্ধ্যাত্বৰ দৰে সমস্যাৰ সৃষ্টি কৰে।পিচিঅ'এছে প্ৰায়ে ইনচুলিন প্ৰতিৰোধ কৰে। ইয়াত শৰীৰৰ কোষবোৰ ইনচুলিন হৰমনৰ প্ৰতি কম সংবেদনশীল হয়, যি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। এই সমস্যাটোৱে হৃদৰোগ, টাইপ-২ ডায়বেটিচ আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে।
ডালচেনি কেনেদৰে উপকাৰী ?
ওজন হ্ৰাস কৰাত সহায়ক
পিচিঅ'এছ থকা মহিলাসকলৰ ওজন বৃদ্ধি এক সাধাৰণ সমস্যা। অধ্যয়নত প্ৰমাণ পোৱা মতে, আঠ সপ্তাহৰ বাবে নিয়মীয়াকৈ ডালচেনি খালে শৰীৰৰ ওজন যথেষ্ট হ্ৰাস হয়। ডালচেনীয়ে বিপাক ক্ৰিয়া ত্বৰান্বিত কৰে আৰু শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।
ইনচুলিন প্ৰতিৰোধ হ্ৰাস
পিচিঅ'এছ আৰু ইনচুলিন প্ৰতিৰোধ ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। ডালচেনিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এক গৱেষণা অনুসৰি, উপবাসৰ সময়ত ডালচেনি খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ ১০-২৯% হ্ৰাস কৰিব পাৰে। ই শৰীৰৰ কোষবোৰক ইনচুলিনৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলে আৰু তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰে।
হৰ্মোনেল ভাৰসাম্য ৰক্ষা কৰা
পিচিঅ'এছত এণ্ড্ৰোজেনৰ (পুৰুষ হৰমন) স্তৰ বৃদ্ধি হয়, যাৰ ফলত ঋতুস্ৰাৱ অনিয়মীয়া হয়। ডালচেনিয়ে হৰমনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে আৰু ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে।
হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা
পিচিঅ'এছ. থকা মহিলাৰ এল.ডি.এল. (বেয়া কলেষ্টেৰল) স্তৰ আৰু নিম্ন এইচ.ডি.এল. (ভাল কলেষ্টেৰল) স্তৰ বৃদ্ধি হ'ব পাৰে, যি হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। ডালচেনিয়ে কলেষ্টেৰলৰ স্তৰ উন্নত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।
প্ৰদাহ হ্ৰাস কৰা
পিচিঅ'এছ আৰু হৃদৰোগৰ সৈতে সম্পৰ্কিত প্ৰদাহ হ্ৰাস কৰাত ডালচেনি অত্যন্ত উপকাৰী। ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু কোষবোৰৰ স্বাস্থ্য বজাই ৰাখে।
কি সাৱধানতা অৱলম্বন কৰিব লাগিব ?
ডালচেনিৰ অত্যাধিক গ্ৰহণো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে, ইয়াক সীমিত পৰিমাণত (দৈনিক ১-২ চাহ চামুচ) গ্ৰহণ কৰিব। গৰ্ভৱতী মহিলাসকলে চিকিৎসকৰ পৰামৰ্শ অবিহনে ডালচেনি খাব নালাগে।
Also Read: 14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ