/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/191727a6-2d7d-4fe7-a36a-e60b5b486723/AP_FOR_WEB_5__2_.jpg)
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ মাজভাগতে মাতৃত্বৰ সুখ লাভ কৰিব বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমে।হয়, য়ামী গৌতম বৰ্তমান পাঁচ মাহৰ গৰ্ভৱতী।য়ামীক নৰূপত দেখি তেওঁ যে চাৰি-পাঁচ মাহৰ গৰ্ভৱতী, সেয়া এতিয়া নিশ্চিত কৰিছে তেওঁৰ অনুৰাগীসকলে।
প্ৰকৃততে, য়ামী আৰু তেওঁৰ স্বামী ছবি নিৰ্মাতা আদিত্য ধৰক শেহতীয়াকৈ মুম্বাইৰ এক ৰাজহুৱা স্থানত দেখা গৈছিল।য’ত য়ামীয়ে কৌশলৰে তেওঁৰ পেটটো লুকুৱাই আছিল।কিন্তু অনুৰাগীসকলে তেওঁৰ শৰীৰৰ গঠন দেখি তেওঁ যে গৰ্ভৱতী, সেয়া স্পষ্ট কৰি ছচিয়েল মেডিয়াযোগে য়ামীক শুভকামনা জ্ঞাপন কৰে। অনুৰাগীৰসকলৰ মতে, এই খবৰ অভিনেত্ৰীগৰাকী তথা তেওঁৰ স্বামীয়ে বৰ্তমানেও আনুষ্ঠানিকভাৱে জনোৱা নাই।যাৰ বাবে হয়তো অভিনেত্ৰীগৰাকীয়ে ৰাজহুৱা স্থানত নিজকে চম্ভালি ৰাখিবলৈ চেষ্টা কৰিছে।
আনহাতে, য়ামী গৌতমে অভিনয় কৰা ‘আৰ্টিকল ৩৭০’ শীৰ্ষক ছবিখন এতিয়া মুক্তিৰ পথত।মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা এই ছবিখনৰ প্ৰচাৰত অভিনেত্ৰীগৰাকী এতিয়া ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে, দুবছৰ ধৰি সম্পৰ্কত থকাৰ পাছত য়ামী আৰু আদিত্যই ২০২১ চনৰ ৪ জুনত বিবাহপাশত আৱদ্ধ হৈছিল।
Also Read: নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ৰাকুল-জেকীয়ে