নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ৰাকুল-জেকীয়ে

নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ৰাকুল-জেকীয়ে

ডিজিটেল ডেস্ক: ‘বি-টাউন’ত এতিয়া বিয়াৰ বতৰ। শেহতীয়াকৈ দ্বিতীয় বাৰলৈ বিবাহ পাশত আবদ্ধ হ’ল অভিনেতা-প্ৰযোজক আৰবাজ খান। আমিৰ খানৰ কন্যা ইৰা খানেও তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে সংসাৰ পাতিলে। এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভুক্ত হৈছে অভিনেত্ৰী ৰকুলপ্ৰীত সিঙৰ।হয়, অভিনেতা-প্ৰযোজক জেকী ভাগনানীৰ সৈতে ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব এইগৰাকী সুন্দৰী।কিন্তু তেওঁলোকৰ বিয়াৰ পৰিকল্পনাত আউল লগালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰকৃততে, পূৰ্বতে বিদেশত বিয়া পতাৰ সিন্ধান্ত লৈছিল ৰাকুল আকু জেকীয়ে।পিছত শেষ মুহূৰ্তত তেওঁলোকে তেওঁলোকৰ পৰিকল্পনা সলনি কৰে। প্ৰধানমন্ত্ৰীৰ এক বিশেষ ঘোষণাৰ পিছত তেওঁলোকে তেওঁলোকৰ বিয়া বিদেশৰ সলনি দেশতে পতাৰ সিদ্ধান্ত লয়। উল্লেখ্য যে, ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ধনী আৰু প্ৰভাৱশালী পৰিয়ালবোৰক তেওঁলোকৰ বিশেষ তথা ডাঙৰ অনুষ্ঠানসমূহ আমাৰ দেশতে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীজনৰ এই আহ্বানৰ সঁহাৰি জনাইয়ে দুয়োজনে তেওঁলোকৰ বিয়া বিদেশৰ সলনি গোৱাত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰে। 

দুয়োজনৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোক বিবাহৰ কাৰ্যসূচীসমূহত একেবাৰে ঘনিষ্ঠ লোকসকলহে উপস্থিত থাকিব।ৰকুলপ্ৰীত আৰু জেকী ২০২১ৰ পৰাই প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। ৰকুলপ্ৰীতক অতি শীঘ্ৰেই কমল হাছানৰ বিপৰীতে 'ইণ্ডিয়ান ২'ত ছবিখনত দৰ্শকে দেখিবলৈ পাব।এই ছবিখনত ববি সিংহ আৰু প্ৰিয়া ভৱানী শংকৰেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।ইয়াৰ বিপৰীতে, জেকী ভাগনানীৰ প্ৰযোজনাত নিৰ্মিত 'বড়ে মিয়াঁ চ’টে মিয়াঁ' ছবিখনে আগন্তুক ঈদত মুক্তি লাভ কৰিব। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, সোণাক্ষী সিনহা আৰু পৃথ্বীৰাজ সুকুমাৰনক মুখ্য চৰিত্ৰত দেখা যাব।

নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ৰাকুল-জেকীয়ে
ছালৰ ৰং ক'লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in