সৰুতে ল'ৰাৰ লগত সদায় খেলা ছোৱালীজনী আজিৰ বিশ্বচেম্পিয়ন

বহু বছৰৰ আগতে পঞ্জাৱৰ মোগাত থকা গুৰু নানক কলেজৰ খেলপথাৰত স্কুলৰ ইউনিফৰ্মৰ সৈতে কঁকালত চূৰ্ণী বান্ধি এগৰাকী কিশোৰীয়ে প্ৰায়ে ক্ৰিকেট খেলিছিল। খেলপথাৰখনত খেলি থকা ছিনিয়ৰ ল’ৰাকেইজনক তাই খুব অশান্তি কৰিছিল।

author-image
সংগীতা দাস
New Update
harman

ডিজিটেল ডেস্ক:বহু বছৰৰ আগতে পঞ্জাৱৰ মোগাত থকা গুৰু নানক কলেজৰ খেলপথাৰত স্কুলৰ ইউনিফৰ্মৰ সৈতে কঁকালত চূৰ্ণী বান্ধি এগৰাকী কিশোৰীয়ে প্ৰায়ে ক্ৰিকেট খেলিছিল। খেলপথাৰখনত খেলি থকা ছিনিয়ৰ ল’ৰাকেইজনক তাই খুব অশান্তি কৰিছিল। তেওঁলোকৰ পৰা বল আনি নিজে বল দি খেলত অসুবিধা কৰিছিল। সেই সৰু ছোৱালীজনীৰ শিৰত আজি বিশ্ব চেম্পিয়নৰ খিতাপ। তেওঁ মহিলা ক্রিকেটৰ নতুন যুগৰ প্ৰতিনিধি। তেওঁ মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বিজয়ী দলটোক প্ৰতিনিধিত্ব কৰিছে । হয়, সৰুৰে পৰা ক্ৰিকেটাৰ হোৱাৰ লক্ষ্য স্থিৰ কৰা এইগৰাকী বিশেষ যুৱতী হৈছে হৰমনপ্ৰীত কৌৰ।

এইদৰে কলেজৰ খেলপথাৰখনত হৰমনপ্ৰীতক প্ৰথমে আৱিস্কাৰ কৰিছিল প্ৰশিক্ষক কমলদীশ সিং সোধীয়ে। এক সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে। তেওঁ লগতে কয়, 'যেতিয়া এই ছোৱালীজনীক বলিং কৰা দেখিছিলো, তেতিয়া সঁচাকৈয়ে আচৰিত হৈছিলো। তাইৰ বয়সৰ আন কোনো ছোৱালীয়ে সেই ধৰণৰ গতি আৰু চলনাৰে বলিং কৰা মই আগতে দেখা নাছিলোঁ। তেতিয়াই মই জানিছিলো তাই বিশেষ। কিন্তু পাছলৈ তাই বলিঙৰ দৰেই বেটিঙতো বেছ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মোগাৰ পৰা ৩০ কিলোমিটাৰ নিলগত এখন ব্যক্তিগত একাডেমীত তাইক প্ৰশিক্ষণ দিবলৈ মই দেউতাকক পতিয়ন নিয়াইছিলো। হৰমনপ্ৰীতৰ পিতৃ হৰমন্দৰ সিং ভুল্লাৰ, জিলা আদালতৰ এজন কেৰাণী আছিল। যাৰ বাবে ব্যক্তিগত বিদ্যালয়ৰ মাচুল কিদৰে পৰিশোধ কৰিব, তাক লৈ চিন্তাত পৰিছিল। তেতিয়া মই তেওঁৰ দায়িত্ব লম বুলি স্পষ্ট কৰিছিলো। এইদৰেই আৰম্ভ হ’ল এক ফলপ্ৰসূ প্ৰশিক্ষক-খেলুৱৈৰ অংশীদাৰিত্ব। হৰমনপ্ৰীতৰ নিৰ্মল ইচ্ছাশক্তি আৰু শিকিবলৈ আগ্ৰহে তেওঁক সফলতা দিছে।'

হৰমনপ্ৰীতৰ পিতৃ হৰমন্দৰে কন্যাৰ এই সফলতাৰ যাত্ৰাৰ গুৰি ধৰিছিল। কন্যাৰ সফলতাত গৰ্বিত পিতৃয়ে কয়, 'জন্মৰ দিনাই মই ‘ভাল বেটছমেন’ ছপা থকা টি-চাৰ্ট এটা কিনিছিলো। এগৰাকী কন্যাৰ পিতৃ হোৱাৰ আনন্দত মই সেই টি-চাৰ্টটো কিনিছিলো। মই জানিছিলো এদিন তাই এগৰাকী ক্ৰীড়াবিদ হ'ব। তাই হকী খেলিছিল আৰু এথলেটিকছৰ প্ৰতিও আকৰ্ষিত আছিল। যেতিয়া তাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল তেতিয়া তাইৰ খেলৰ প্ৰতি আকৰ্ষণ ক্ৰমান্বয়ে বৃদ্ধি হৈছিল।'

প্ৰাৰম্ভিক জীৱন

হৰমনপ্ৰীত কৌৰৰ জন্ম ১৯৮৯ চনৰ ৮ মাৰ্তচত পঞ্জাবৰ মোগা নামৰ চহৰত হৈছিল। ২০০৯ চনত হৰমনপ্ৰীতে প্ৰথমবাৰ ভাৰতৰ মহিলা দলৰ হৈ টুয়েণ্টি-২০ আৰু একদিনীয়া (ODI) ফৰ্মেটত খেলিবলৈ সুযোগ লাভ কৰে। তেওঁৰ আক্রমণাত্মক বেটিং শৈলী আৰু দলৰ প্ৰতি নিষ্ঠাই তৎক্ষণাৎ সকলোৰ দৃষ্টি আকৰ্ষণ কৰে।

২০১৭ চনৰ মহিলা বিশ্বকাপত হৰমনপ্ৰীত কৌৰে ভাৰতৰ ইতিহাস গঢ়ে। ফাইনেলৰ আগৰ খেলত (অষ্ট্ৰেলিয়াৰ বিপক্ষে ছেমিফাইনেলত) তেওঁ ১৭১ ৰান নট আউট কৰি মহিলা বিশ্বকাপ ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ইনিংছৰ এটা উপহাৰ দিয়ে। এই ইনিংছেই তেওঁক বিশ্ব ক্রিকেটত এটা নতুন পৰিচয় দিয়ে।

অধিনায়ক হিচাপে নেতৃত্ব

২০২২ চনৰ পৰা হৰমনপ্ৰীত কৌৰ ভাৰতৰ মহিলা দলৰ পূৰ্ণকালীন অধিনায়ক। তেওঁৰ নেতৃত্বত ভাৰতীয় মহিলা দল বহু গুৰুত্বপূর্ণ জয় অৰ্জন কৰিছে, বিশেষকৈ টী২০ বিশ্বকাপ আৰু কমনৱেল্থ গেমছত। তেওঁ নেতৃত্বৰ ক্ষেত্ৰত আগ্ৰাসী, সাহসী আৰু খেলুৱৈসকলক প্ৰেৰণা দিয়ে।

সন্মান আৰু স্বীকৃতি

  • ২০১৭ চনত পদ্মশ্ৰী সন্মানে ভূষিত কৰা হয়।

  • আইচিচি (ICC) তৰফৰ পৰা একাধিকবাৰ 'Player of the Match' সন্মান লাভ কৰিছে।

  • ২০২৩ চনত উনাকে মহিলা IPL তথা WPL (Women’s Premier League)-ত মুম্বাই ইণ্ডিয়ান্সৰ অধিনায়ক হিচাপে প্ৰথম বিজয় এনে দিয়ে।

  • হৰমনপ্ৰীত কৌৰ কেৱল এগৰাকী সফল ক্রিকেটাৰেই নহয়, তেওঁ ভাৰতৰ হাজাৰ হাজাৰ কিশোৰীৰ অনুপ্ৰেৰণা। তেওঁৰ কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু নেতৃত্বয়ে মহিলা ক্রিকেটক নতুন দিশত আগবঢা়ই নিবলৈ সক্ষম হৈছে।