চঞ্চল পত্নীৰ ফোনটো চাবলৈ লওঁতেই ঘটিল অঘটন

পত্নীৰ ফোনটো চাবলৈ বিচৰাৰ অপৰাধতে অমানৱীয় শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল এজন দুৰ্ভগীয়া ব্যক্তি।হয়, পত্নীৰ ফোনটো চাবলৈ বিচাৰোতেই পত্নীয়ে এই ব্যক্তিজনক দিয়ে বৈদ্যুতিক শ্বক। এই মহিলাগৰাকী ইয়াতে ক্ষান্ত নাথাকি পিতৃক বচাবলৈ অহা পুত্ৰকো খুব বেয়াকৈ প্ৰহাৰ কৰে।

author-image
Asomiya Pratidin
New Update
চঞ্চল পত্নীৰ ফোনটো চাবলৈ লওঁতেই ঘটিল অঘটন

ডিজিটেল ডেস্ক: পত্নীৰ ফোনটো চাবলৈ বিচৰাৰ অপৰাধতে অমানৱীয় শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল এজন দুৰ্ভগীয়া ব্যক্তি।হয়, পত্নীৰ ফোনটো চাবলৈ বিচাৰোতেই পত্নীয়ে এই ব্যক্তিজনক দিয়ে বৈদ্যুতিক শ্বক। এই মহিলাগৰাকী ইয়াতে ক্ষান্ত নাথাকি পিতৃক বচাবলৈ অহা পুত্ৰকো খুব বেয়াকৈ প্ৰহাৰ কৰে।

Advertisment

এই ঘটনাটো আগ্ৰাৰ। বেবী যাদৱ নামৰ মহিলাগৰাকীয়ে এই কাণ্ড কৰাৰ পাছত স্বামীক বিচনাত বান্ধি থৈ পলায়ন কৰে। পাছত স্থানীয় ৰাইজে বেবীৰ পুত্ৰ আৰু স্বামীক উদ্ধাৰ কৰি চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰে। পাছত চিকিৎসালয়ত প্ৰদীপ সিঙে তেওঁৰ ভাষ্য দিয়াতহে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

ঘটনা সন্দৰ্ভত প্ৰদীপ সিঙে প্ৰকাশ কৰা মতে, তেওঁৰ পত্নী খুব চঞ্চল প্ৰকৃতিৰ। তেওঁ বিগত কেইদিনমানৰ পৰা পত্নীক ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা লক্ষ্য কৰিছিল। তেওঁ বিষয়টো আলোচনা কৰিবলৈ প্ৰথমে তেওঁ পত্নীৰ  পৰিয়ালৰ ওচৰলৈ গৈছিল আৰু পত্নীৰ পৰিয়ালেই তেওঁক ফোনটো কাঢ়ি বেবীয়ে কাৰ সৈতে কথা পাতে, সেয়া পোহৰলৈ আনিবলৈ পৰামৰ্শ দিছিল।কিন্তু প্ৰদীপ সিঙে এই পৰামৰ্শ পালন কৰিবলৈ গৈয়ে ভয়াৱহ ঘটনাৰ বলি হ'বলগীয়া হয়।উল্লেখ্য যে, বেবী যাদৱ প্ৰদীপ সিঙৰ সৈতে ২০০৭ ত বিবাহপাশত আবদ্ধ হৈছিল। 

পাছত এই সমগ্ৰ ঘটনা সন্দৰ্ভত  প্ৰদীপ সিঙে বেবী যাদৱৰ বিৰুদ্ধে স্থানীয় থানাত গোচৰ দিয়ে। সম্প্ৰতি পলাতক হৈ থকা অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০৭, ৩২৮ আৰু ৫০৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

Also Read: ‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী