‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী

‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী

ডিজিটেল ডেস্ক: এইবাৰ 'ৰীল লাইফ'ত 'কিং' হৈ দৰ্শকক আকৰ্ষিত কৰিব বলীউডৰ প্ৰকৃত 'কিং'য়ে।হয়, ২০২৩ বৰ্ষত এখনৰ পিছত সিখন ছুপাৰহিট ছবি উপহাৰ দিয়া বলীউডৰ 'কিং খান'  শ্বাহৰুখ খানক শীঘ্ৰেই দেখিবলৈ পাব 'কিং'ৰ ৰূপত। 'কিং' শীৰ্ষত এই ছবিখনৰ শ্বুটিং এতিয়া পূৰ্ণ গতিত চলি আছে।

কিন্তু এই খবৰ অভিনেতা তথা পৰিচালক-প্ৰযোজকে ৰাজহুৱা কৰা নাছিল যদিও এখন ভাইৰেল ফটোৰ দ্বাৰা অনুৰাগীসকলে এই বিষয়ে জানিব পাৰে।প্ৰকৃততে, সম্প্ৰতি স্পেইনত চলি থকা 'কিং'ৰ শ্বুটিঙৰ এখন ফটো শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত 'কিং খান'ক ৰজাৰ চকীত বহি সন্মুখত থকা দুজন ব্যক্তিৰ সৈতে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। এই ফটোখন দেখাৰ পিছৰে পৰা অনুৰাগীসকলৰ ছবিখনৰ প্ৰতি উৎসুকতা দুগুণে বৃদ্ধি পাইছে। 

বহু প্ৰত্যাশিত ‘কিং’ৰ পৰিচালনা আৰু কাহিনী সুজয় ঘোষৰ।ছবিখনত শ্বাহৰুখ খানৰ লগতে দৰ্শকে মুখ্য চৰিত্ৰত দেখিবলৈ পাব শ্বাহৰুখৰ দুহিতা ছুহানা খান আৰু ফাহিম ফাজলীক। ছবিখনক লৈ উৎসুকতা বৃদ্ধ পোৱাৰ আন এক কাৰণ হৈছে প্ৰথম বাবৰৰ বাবে শ্বাহৰুখ আৰু ছুহানাই একেলগে অভিনয় কৰিব। উল্লেখ্য যে, আগন্তুক বৰ্ষৰ প্ৰথমতেই 'কিং' ছবিগৃহলৈ আহিব।

‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী
ভাইৰেল হ’ল মুনাৱৰৰ দ্বিতীয় বিবাহৰ ফটো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in