শৰীৰটো পৰিস্কাৰ কৰিবলৈ দৈনিক গাত ছটিয়াই গংগাজল

এতিয়া বিবাহ বিচ্ছেদ একেবাৰে সাধাৰণ ঘটনাত পৰিণত হৈছে।শেহতীয়াকৈ আগ্ৰাত সংঘটিত এক বিচ্ছেদৰ ঘটনাই ইয়াক পুনৰ প্ৰমাণ কৰিলে।স্বামীয়ে গা নোধোৱাৰ বাবেই সংসাৰ ভাঙিলে এগৰাকী মহিলাই।

author-image
Asomiya Pratidin
New Update
শৰীৰটো পৰিস্কাৰ কৰিবলৈ দৈনিক গাত ছটিয়াই গংগাজল

husband-doesnt-bathe-daily

ডিজিটেল ডেস্ক: আজিকালি বিবাহ বিচ্ছেদ একেবাৰে সাধাৰণ ঘটনাত পৰিণত হৈছে।শেহতীয়াকৈ আগ্ৰাত সংঘটিত এনে এক বিচ্ছেদৰ ঘটনাই ইয়াক পুনৰবাৰ প্ৰমাণ কৰিলে। হয়, স্বামীয়ে গা নোধোৱাৰ বাবেই বিবাহ বিচ্ছেদ কৰিলে এগৰাকী মহিলাই।

Advertisment

এই মহিলাগৰাকীয়ে বিয়াৰ ৪০দিনৰ পিছতেই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে। প্ৰকৃততে মহিলাগৰাকীৰ স্বামীয়ে মাহত মাত্ৰ এবাৰ বা দুবাৰহে গা ধোয়ে।যাৰ ফলত তেওঁৰ গাৰ পৰা দুৰ্গন্ধ ওলায়। যি তেওঁৰ পত্নীয়ে সহ্য কৰিব নোৱাৰে।যাৰ বাবে বিয়াৰ ৪০ দিনৰ পিছত মহিলাগৰাকীয়ে সংসাৰ ভঙাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দৈনিক গা নুধুলেও মহিলাগৰাকীৰ স্বামীয়ে অৱশ্যে গংগাজল পানী গাত ছটিয়াই নিজকে পবিত্ৰ- পৰিস্কাৰ বুলি ভাবি লয়।যাৰ বাবে তেওঁ গা ধোৱাটো জৰুৰী বুলি ভবা নাছিল।বিয়াৰ পিছত ৪০ দিনত তেওঁ পত্নীৰ জোৰত মাত্ৰ ৬ বাৰ গা ধুইছিল।

আনহাতে, পত্নীয়ে বিবাহ-বিচ্ছেদৰ আবেদন জনোৱাত গা নোধোৱা স্বামীয়ে নিজকে পৰিস্কাৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতি দি পুনৰ সংসাৰৰ পতাৰ বাবে অনুৰোধ কৰিছিল। কিন্তু এই ক্ষেত্ৰত কোনো কাৰণতে মান্তি নহৈ মহিলাৰাকীয়ে তেওঁৰ লগত থাকিব নোৱাৰে বুলি স্পষ্ট কৰি বিবাহ বিচ্ছেদ বিচাৰে।

Also Read: বহু চৰ্চিত এইজন 'গুৰু'ৰ বিষয়ে আজি জানি লওঁক