বহুতৰে অজ্ঞাত ভাৰতৰ এখন বিশেষ গাঁও

ভাৰতৰ গাঁওবোৰ অবিশ্বাস্যভাৱে ধুনীয়া। এই কথাত হয়তো কাৰো দ্বিমত নাই ! অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ ভাৰতৰ গাওঁবোৰলৈ প্ৰকৃতিক সৌন্দৰ্য তথা শুদ্ধ বতাহ উপভোগ কৰিবৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে।

author-image
সংগীতা দাস
New Update
বিদেশৰ মহিলা (1)

ডিজিটেল ডেস্ক: ভাৰতৰ গাঁওবোৰ অবিশ্বাস্যভাৱে ধুনীয়া। এই কথাত হয়তো কাৰো দ্বিমত নাই ! অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ ভাৰতৰ গাওঁবোৰলৈ প্ৰকৃতিক সৌন্দৰ্য তথা শুদ্ধ বতাহ উপভোগ কৰিবৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। কিন্তু ভাৰতত এনে এখন গাঁও আছে, যিখন গাৱলৈ মানুহ সৌন্দৰ্য্য উপভোগৰ বাবে নহয়, আহে গৰ্ভধাৰণ কৰিবলৈ।

হয়, আচৰিত যেন লাগিলেও  এয়া একেবাৰেই সঁচা। কাৰ্গিলৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওখন আৰ্য্য উপত্যকা গাঁও বুলি পৰিচিত। ইউৰোপৰ মহিলাসকল এইখন গাৱৰ পুৰুষসকলৰ পৰা গৰ্ভধাৰণ কৰিবলৈ আহে। এতিয়া প্ৰশ্ন হয়, ভাৰতৰ এই বিশেষ  গাওঁখনলৈ বিদেশী মহিলা গৰ্ভধাৰণ কৰিবলৈ আহে ? ইয়াৰ উত্তৰ ব্ৰকপা জনগোষ্ঠীৰ ওপৰত নিহিত হৈ আছে। হয়, যিসকলক মহান আলেকজেণ্ডাৰৰ সৈন্যৰ বংশধৰ বুলি কোৱা হয়। সেয়েহে, ইউৰোপৰ মহিলাসকল আলেকজেণ্ডাৰৰ সৈন্যৰ দৰে সন্তান জন্ম দিয়াৰ আশাত পৰা ভাৰতলৈ আহে।

দৰাচলতে, পৰাজয়ৰ পাছত আলেকজেণ্ডাৰ ভাৰত এৰি যোৱাৰ সময়ত তেওঁৰ কিছু সৈন্য ভাৰততেই থাকি গৈছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ বংশধৰসকল এই গাঁৱত বাস কৰি আহিছে। যেতিয়া ইউৰোপীয় মহিলাসকলে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ সৈন্যৰ দৰে সন্তানৰ কামনা কৰে, তেতিয়া তেওঁলোক এই গাঁওখনলৈ আহে। মহিলাসকলে এই আশাত তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰে যে তেওঁলোকৰ সন্তানো সৈনিকৰ দৰে ওখ, নীলা চকুৰ আৰু শক্তিশালী হয়।

এই প্ৰথা এতিয়া ব্যৱসায় 

এই বিশেষ গাঁওখনৰ পুৰুষসকলে এই কামটো বিনামূল্যে নকৰে। ইউৰোপীয় মহিলাসকলে তেওঁলোকক পৰ্যাপ্ত ধন দিয়ে আৰু কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে নিজৰ দেশলৈ উভতি যায়। ইয়াত দীৰ্ঘদিন ধৰি চলি থকা এই প্ৰথা এতিয়া ব্যৱসায়ত পৰিণত হৈছে। 

উল্লেখ্য যে, আৰ্য্য উপত্যকা গাঁৱৰ পুৰুষসকল অসাধাৰণ সৌন্দৰ্যৰ অধিকাৰী। এতিয়াও এইখন গাঁৱত ২০০০ৰো অধিক বিশুদ্ধ জাতৰ আৰ্য বাস কৰে। তেওঁলোকৰ সংস্কৃতি আমাৰ পৰা সম্পূৰ্ণ পৃথক। তেওঁলোকে ৰঙীন কাপোৰ পিন্ধি ব্ৰাছকা ভাষা কয়। অৱশ্যে এইসকল লোকে হিন্দী ভাষাও ক’ব জানে। আৰ্য সম্প্ৰদায়ৰ লোকসকলে দেৱ-দেৱীৰ সলনি অগ্নিক পূজা কৰে। তেওঁলোকেও বলিদান প্ৰথাক বিশ্বাস কৰে আৰু ছাগলীক গৰুতকৈ অধিক পবিত্ৰ বুলি গণ্য কৰে।