পুৰুষসকল সাৱধান হওঁক, এই লক্ষণক আওকান নকৰিব

এক অতি মৰ্মান্তিক ঘটনা ! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত প্ৰাণ গ'ল এজন চিকিৎসকৰ। ৫৫ বছৰীয়া এইগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ নাম ডা: ত্ৰিনাথ পাল। চিকিৎসকজনে ৰোগীক চাই থকাৰ সময়তে বুকুত তীব্ৰ বিষ অনুভৱ কৰে

author-image
সংগীতা দাস
New Update
doctor

ডিজিটেল ডেস্ক: এক অতি মৰ্মান্তিক ঘটনা ! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত প্ৰাণ গ'ল এজন চিকিৎসকৰ। ৫৫ বছৰীয়া এইগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ নাম ডা: ত্ৰিনাথ পাল। চিকিৎসকজনে ৰোগীক চাই থকাৰ সময়তে বুকুত তীব্ৰ বিষ অনুভৱ কৰে আৰু তাৰ পাছতে তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটে।

কেনেকৈ সংঘটিত হ'ল এই ঘটনা

ডা: পালে পুৱা প্ৰায় ৮ বজাত চিকিৎসালয়ত উপস্থিত হৈ অ’পিডিত ৰোগীক চোৱা-চিতা কৰি আছিল। তেনে অৱস্থাতে  তেওঁ হঠাৎ বুকুৰ বিষ অনুভৱ কৰে আৰু অলপ পিছতে অচেতন হৈ পৰে। লগে-লগে চিকিৎসালয়তে তেওঁৰ পৰীক্ষা কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

কি কয় চিকিৎসকে ?

এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী আৰু তেওঁৰ পৰিয়ালে চিকিৎসকজনৰ পূৰ্বৰ হৃদৰোগ থকা বুলি উল্লেখ কৰে। শেহতীয়াকৈ তেওঁৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তেওঁ নিয়মীয়াকৈ ঔষধ খাই আছিল।

হাৰ্ট এটেক কি ?

হাৰ্ট এটেক হ’ল এক গুৰুতৰ চিকিৎসা জৰুৰীকালীন অৱস্থা, য’ত হঠাৎ হৃদযন্ত্ৰলৈ তেজৰ যোগান বন্ধ হৈ যায়। সাধাৰণতে ধমনীত প্লেক বা কলেষ্টেৰল জমা হোৱাৰ ফলত এনে হয়। চিকিৎসকৰ মতে পুৰুষৰ ক্ষেত্ৰত এই আশংকা তুলনামূলকভাৱে বেছি হয়।

17_48_359936462shiv-thakre-12

মহিলাতকৈ পুৰুষৰ অধিক হয় হাৰ্ট এটেক 

হৃদৰোগ বিশেষজ্ঞৰ মতে পুৰুষে প্ৰায়ে প্ৰাথমিক লক্ষণবোৰক ভাগৰ, গেছ বা এচিডিটি বুলি ভাবি ভুল কৰে। যাৰ বাবে তেওঁলোকে পাছলৈ নিজৰ জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হয়। 

শৰীৰত এই লক্ষণ দেখিলে সাৱধান হ'ব

১) বুকুত চাপ বা গধুৰতা অনুভৱ কৰা
২) উশাহ লোৱাত কষ্ট
৩) হঠাৎ ঘাম ওলোৱা
৪) বাহু, কান্ধ বা পিঠিৰ বিষ
এই লক্ষণসমূহ যিকোনো পুৰুষৰ হৃদযন্ত্ৰৰ বিকলতাৰ আগতীয়া সতৰ্কবাণী হ’ব পাৰে। সময়মতে চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে।