মধুচন্দ্রিমাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ স্বামী

মধুচন্দ্রিমাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ স্বামী

ডিজিটেল ডেস্ক: পত্নীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবেই ভাঙিল এখন সংসাৰ। হয়, মধুচন্দ্রিমাৰ বাবে গোৱালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে স্বামীৰ পৰা বিচ্ছেদ বিচাৰিলে ভূপালৰ এগৰাকী মহিলাই।

পাঁচ মাহ আগতে বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতিহালে মধুচন্দ্ৰিমাৰ বাবে গোৱা আৰু দক্ষিণ ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছিল।কিন্তু তেওঁলোকৰ নিৰ্ধাৰিত ভ্ৰমণৰ এদিন আগতে স্বামীয়ে তেওঁৰ পত্নীক জনাইছিল যে এই ঠাইৰ পৰিৱৰ্তে তেওঁলোক অযোধ্যা আৰু বাৰাণসীলৈ যোৱাৰ পৰিকল্পনা কৰিছে। পত্নীক লগতে জনোৱা মতে, তেওঁৰ মাতৃ অৰ্থাৎ মহিলাগৰাকীৰ শাহুৱেকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে আযোধ্যা ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

সেইমতেই মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু শাহুয়েকৰ সৈতে অযোধ্যা আৰু বাৰাণসী ভ্ৰমণ কৰে ঠিকেই, কিন্তু তেওঁলোক  ঘূৰি অহাৰ দহ দিনৰ পিছতেই স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি তেওঁ আদালতত আবেদন কৰে।মহিলাগৰাকীৰ মতে, স্বামীয়ে তেওঁৰ তুলনাত পৰিয়ালক বেছি প্ৰাধান্য দিয়ে।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ আৱেদনত উল্লেখ কৰা মতে, তেওঁলোক স্বামী-স্ত্ৰী দুয়ো চাকৰিয়াল আৰু তেওঁলোক দুয়োয়ে ভাল দৰমহাও লাভ কৰে।বিয়াৰ পাছত তেওঁলোক মধুচন্দ্রিমাৰ বাবে অনায়াসে বিদেশলৈ যাব পাৰিলেহেন যদিও তেওঁৰ স্বামীয়ে পিতৃ-মাতৃৰ যত্ন লোৱাৰ বাবেই বিদেশলৈ যাবলৈ অমান্তি হোৱাত তেওঁলোকে ভাৰততে ইয়াৰ পৰিকল্পনা কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত স্বামীয়ে এই ঠাইলৈ যোৱাৰ বাবেও অমান্তি হোৱাত মহিলাগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

মধুচন্দ্রিমাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ স্বামী
‘হাই প্ৰফাইল’ চোৰৰ কাণ্ডত স্তম্ভিত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in