‘হাই প্ৰফাইল’ চোৰৰ কাণ্ডত স্তম্ভিত বিশ্ব

‘হাই প্ৰফাইল’ চোৰৰ কাণ্ডত স্তম্ভিত বিশ্ব

ডিজিটেল ডেস্ক: যিদৰে কিতাপৰ বেটুপাত দেখি আপুনি কিতাপখনৰ কাহিনী অনুমান কৰিব নোৱাৰে, একেদৰে ব্যক্তি এজনক দেখিও আপুনি তেওঁৰ স্বভাৱ তথা প্ৰকৃতিৰ বিষয়ে জ্ঞাত হ’ব নোৱাৰো।শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই ইয়াক পুনৰ সত্য প্ৰমাণিত কৰে।হয়, খুব বিলাসী জীৱন কটোৱা এহাল দম্পতীৰ প্ৰকৃত পৰিচয় জানি এতিয়া একপ্ৰকাৰ হতবাক হৈ পৰিছে সমগ্ৰ বিশ্ব।

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই দম্পতিহাল দক্ষিণ লণ্ডনৰ ব্ৰমলীৰ বাসিন্দা।অতি বিলাসীতাৰে জীৱন-যাপন কৰা ৩৯ বছৰীয়া এছলী সিং আৰু ২০ বছৰীয়া ছফি ব্ৰুয়া নামৰ  এই দম্পতিহালৰ পেছা হৈছে চুৰি কৰা। আচৰিত যেন লাগিলেও প্ৰকৃততে এয়া একেবাৰে সঁচা।অৱশ্যে তেওঁলোকৰ চুৰি কৰা পন্থাটো অলপ সুকীয়া।কিন্তু এশ গৰু মাৰিলে বাঘৰ মৰণ সদৃশ এই দম্পতীহালো অলপতে আৰক্ষীৰ সন্মুখত ধৰা পৰে। 

আৰক্ষীৰ মতে, এই দম্পতিহালৰ জীৱনশৈলী দেখি তেওঁলোকৰ উপাৰ্জন উৎস সন্দৰ্ভত সন্দেহ হোৱাত চিচি টিভি ব্যৱহাৰ কৰি তেওঁলোকক অনুসৰণ কৰিছিল আৰু তেতিয়াই আচল কাহিনী পোহৰলৈ আহিছিল। এই দম্পতিহালে জিমলৈ অহা লোকসকলক তেওঁলোকৰ লক্ষ্য কৰি লয়।দুয়োজনে এই লোকসকলৰ ব্যয়বহুল সামগ্ৰী আৰু বেংকৰ কাৰ্ডসমূহ চুৰি কৰে।এই কাৰ্ডসমূহৰ পৰাই কৌশলৰে ধন উলিয়াই তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িছিল।

এছলী সিং আৰু ছফি ব্ৰুয়াৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ আকস্মিক সমাপ্তি ঘটিছিল যেতিয়া এজন স্থানীয় আৰক্ষী বিষয়াই বিশেষজ্ঞ চোৰাংচোৱাসকলক এইবিষয়ে অৱগত কৰিছিল। তাৰ পিছত, লুইচামস্থিত এটা দলে তেওঁলোকৰ বাহন, ফোন সকলো ট্ৰেক কৰি দুয়োকে ধৰা পেলাবলৈ সক্ষম হৈছিল।

স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা মতে, ‘এই দুয়ো হাই প্ৰফাইল চোৰৰ আচৰণে মানুহৰ ওপৰত যি বিধ্বংসী প্ৰভাৱ পেলাইছিল, আমি আশা কৰো যে তেওঁলোকক ধৰা পেলাই আমি ভুক্তভোগীসকলক অলপ হ’লেও সান্ত্বনা দিব পাৰিছো।’ আগন্তুক দিনত এনে অপৰাধমূলক ঘটনা পুনৰ নঘটে বুলিও আৰক্ষীয়ে লোকসকলক আশ্বাস প্ৰদান কৰে।

‘হাই প্ৰফাইল’ চোৰৰ কাণ্ডত স্তম্ভিত বিশ্ব
সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in