ছ’চিয়েল মেডিয়াৰ আসক্তিয়েই মাতিলে বিপদ

ছ’চিয়েল মেডিয়াৰ আসক্তিৰ বাবে এতিয়া প্ৰতিদিনেই বহু অনাকাংক্ষিত ঘটনা সংঘটিত হ’বলৈ লৈছে। ৰীল, ভিডিঅ’, ছেলফীৰ বাবে ইতিমধ্যে বহু লোকে প্ৰাণো হেৰুৱাইছে।শেহতীয়াকৈও ব্যতিক্ৰমী ছেলফীৰ ল’বলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে এগৰাকী মহিলা।

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াৰ আসক্তিয়েই মাতিলে বিপদ

ডিজিটেল ডেস্ক: ছ’চিয়েল মেডিয়াৰ আসক্তিৰ বাবে এতিয়া প্ৰতিদিনেই বহু অনাকাংক্ষিত ঘটনা সংঘটিত হ’বলৈ লৈছে। ৰীল, ভিডিঅ’, ছেলফীৰ বাবে ইতিমধ্যে বহু লোকে প্ৰাণো হেৰুৱাইছে।শেহতীয়াকৈও ব্যতিক্ৰমী ছেলফীৰ ল’বলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে এগৰাকী মহিলা। হয়, ছ’চিয়েল মেডিয়াত এই ঘটনাৰ ফটো ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

এই ঘটনাটো মহাৰাষ্ট্ৰৰ চাটাৰা জিলাৰ বৰ্ণ ঘাটত সংঘটিত হৈছে। প্ৰকৃততে, এগৰাকী মহিলাই ‘বিশেষ’ স্থানত ছেলফী ল'বলৈ গৈ ১৫০ ফুট দ খালত সৰি পৰে।ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা পোৱা মতে, এজন পুৰুষে তাইক মহিলাগৰাকীক সুৰক্ষিত স্থানলৈ তুলি আনিছে। ৫ জন পুৰুষ তথা ৩ গৰাকী মহিলাৰ সৈতে তেওঁ বৰ্ণ ঘাটৰ এক ওখ ঠাইত ফটো উঠিবলৈ লওঁতেই তললৈ সৰি পৰে। 

এই ঘটনাৰ পিছত ক্ষন্তেকতে হৈ-চৈ লগাত প্ৰশাসনৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়।পাছত শিবেন্দ্ৰ ৰাজ নামৰ এজন ব্যক্তিয়ে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, শিবেন্দ্ৰ ৰাজ পৰ্বতাৰোহণৰ প্ৰশিক্ষণপ্ৰাপ্ত। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এই মহিলাগৰাকী সম্প্ৰতি চিকিৎসাধীন অৱ্স্থাত আছে।

Also Read: উৰাবাতৰি নহয়, খবৰটো সঁচা !