উৰাবাতৰি নহয়, খবৰটো সঁচা !

ইমান দিনে উৰাবাতৰি বুলি ভাবি থকা কথাটো প্ৰকৃততে সঁচা।হয়, বলীউডৰ 'কিং' শ্বাহৰুখ খানে কৰিলে চকুৰ অস্ত্ৰোপচাৰ। অভিনেতাজনক মুম্বাইত দেখি এই বিষয়ে নিশ্চিত হ’ল তেওঁৰ অগনন অনুৰাগী।

author-image
Asomiya Pratidin
New Update
উৰাবাতৰি নহয়, খবৰটো সঁচা !

ডিজিটেল ডেস্ক: ইমান দিনে উৰাবাতৰি বুলি ভাবি থকা কথাটো প্ৰকৃততে সঁচা।হয়, বলীউডৰ 'কিং' শ্বাহৰুখ খানে কৰিলে চকুৰ অস্ত্ৰোপচাৰ। অভিনেতাজনক মুম্বাইত দেখি এই বিষয়ে নিশ্চিত হ’ল তেওঁৰ অগনন অনুৰাগী।

Advertisment

প্ৰকৃততে, শ্বাহৰুখ খানক শেহতীয়াকৈ দেখা গ’ল মুম্বাইত।জনপ্ৰিয় পৰিচালক-প্ৰযোজক সিদ্ধাৰ্থ আনন্দৰ জন্মদিন উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অভিনেতাজন মুম্বাইৰ এখন ৰেষ্টুৰাত প্ৰৱেশ কৰে। সেই সময়ত তেওঁক এযোৰ ক’লা ছানগ্লাছ পিন্ধা দেখি অনুৰাগীসকলে তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ হোৱা বুলি নিশ্চিত হৈছে। 

শ্বাহৰুখ খানে বান্দ্ৰাস্থিত এই ৰেষ্টুৰাখনৰ পিছ দুৱাৰেদি সোমোৱাৰ এটা ভিডিঅ' এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে।এই সময়ত তেওঁৰ লগত আছিল মেনেজাৰ পূজা দাদলানি।নিৰাপত্তা বেষ্টনীৰ মাজত কেইঘণ্টামানৰ পাছত তেওঁ সেই ৰেষ্টুৰাৰ পৰা বাহিৰ ওলাইছিল। অৱশ্যে, অভিনেতাজনে তেওঁৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো একো কথাই প্ৰকাশ কৰা নাই।

উল্লেখ্য যে,  অনন্ত আম্বানীৰ বিয়াত অংশ গ্ৰহণ কৰিয়েই শ্বাহৰুখ খান আমেৰিকালৈ উৰা মাৰিছিল।তাতেই তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে বুলি চৰ্চা চলিছিল।আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ গৰাকী শ্বাহৰুখ খানে সেইদিনাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অংশীদাৰসকলৰ সৈতে বিচিচিআইৰ বৈঠকতো অংশগ্ৰহণ কৰে।

Also Read: আলিয়া-ৰণবীৰৰ কন্যাৰ আচৰণত মুগ্ধ সকলো