ননদৰ প্ৰতি থকা ঘৃণাই ল’লে ভয়াৱহ ৰূপ

ভগ্নীৰ বিয়াত বিশেষ উপহাৰ দিবলৈ মন মেলিয়েই পত্নীৰ হাতত প্ৰাণ দিবলগীয়া হ'ল এগৰাকী দুৰ্ভগীয়া লোকে। এই ঘটনাটো উত্তৰ প্ৰদেশৰ।

author-image
Asomiya Pratidin
New Update
ননদৰ প্ৰতি থকা ঘৃণাই ল’লে ভয়াৱহ ৰূপ

ডিজিটেল ডেস্ক: ভগ্নীৰ বিয়াত বিশেষ উপহাৰ দিবলৈ মন মেলিয়েই পত্নীৰ হাতত প্ৰাণ দিবলগীয়া হ'ল এগৰাকী দুৰ্ভগীয়া লোকে। এই ঘটনাটো উত্তৰ প্ৰদেশৰ।বিয়াৰ উপহাৰ দিয়াক লৈ পতি-পত্নীৰ মাজত সৃষ্টি হোৱা তৰ্কা-তৰ্কিয়ে পাছলৈ হত্যাকাণ্ডৰ ৰূপ লয়।

Advertisment

হয়, চন্দ্ৰ প্ৰকাশ মিশ্ৰ নামৰ লোকজনে তেওঁৰ ভগ্নীৰ বিয়াত এটা সোণৰ আঙুঠি আৰু টিভি দিব বুলি পত্নীক জনোৱাৰ পাছতেই গোটেই ঘটনাটোৰ সূত্ৰপাত হয়।পত্নী ক্ষেমা মিশ্ৰই তেওঁৰ ননদক এই উপহাৰ দিবলৈ অমান্তি হোৱাত দুয়োৰে মাজত বাক-বিতণ্ডা হয় যদিও পাছলৈ এই কাজিয়াই ভয়াৱহ ৰূপ লয়। প্ৰথমে মহিলাগৰাকীয়ে স্বামীক প্ৰহাৰ কৰে যদিও পাছত তেওঁৰ পৰিয়ালৰ লোকেও আহি লোকজনৰ ওপৰত জপিয়াই পৰে।যাৰ বাবে সেই স্থানতে লোকজনে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়।

এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত ৫জন লোকক ইতিমধ্যে স্থানীয় আৰক্ষীয়ে আটক কৰিছে।আটকাধীন লোকসকলৰ মাজত ক্ষেমা মিশ্ৰ আৰু তেওঁৰ ভাতৃও আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অৱ্যাহত আছে।

Also Read: আনৰ সৈতে ঘৰত সন্তান এৰি যোৱা অভিভাৱকসকল সাৱধান হওঁক