Advertisment

আনৰ সৈতে ঘৰত সন্তান এৰি যোৱা অভিভাৱকসকল সাৱধান হওঁক

আজিৰ সময়ত অধিকাংশ অভিভাৱকেই চাকৰি সূত্ৰে ব্যস্ত থাকে।যাৰ বাবে তেওঁলোকৰ সন্তানক চোৱা-চিতা কৰিবলৈ সময় নহয়।যাৰ ফলত তেওঁলোকে সন্তানক ঘৰৰ আন সদস্য অথবা সহায়িকাৰ সৈতে ঘৰত এৰি যাবলৈ বাধ্য হয়। আনৰ হাতত এৰি যোৱাৰ ফলত বহু সময়ত শিশুৰ সৈতে নঘটিবলগীয়া ঘটনা ঘটে।

author-image
Asomiya Pratidin
New Update
আনৰ সৈতে ঘৰত সন্তান এৰি যোৱা অভিভাৱকসকল সাৱধান হওঁক

ডিজিটেল ডেস্ক: আজিৰ সময়ত অধিকাংশ অভিভাৱকেই চাকৰি সূত্ৰে ব্যস্ত থাকে।যাৰ বাবে তেওঁলোকৰ সন্তানক চোৱা-চিতা কৰিবলৈ সময় নহয়।যাৰ ফলত তেওঁলোকে সন্তানক ঘৰৰ আন সদস্য অথবা সহায়িকাৰ সৈতে ঘৰত এৰি যাবলৈ বাধ্য হয়। আনৰ হাতত এৰি যোৱাৰ ফলত বহু সময়ত শিশুৰ সৈতে নঘটিবলগীয়া ঘটনা ঘটে।শেহতীয়াকৈ পঞ্জাৱত সংঘটিত এনে এক কৰুণ ঘটনাই সকলোৰে বুকু কঁপাই তুলিছে। 

Advertisment

হয়, ডিঙিত খাদ্য লাগি ধৰাৰ ফলত পঞ্জাৱৰ আইপিএছ দম্পতিৰ চাৰি বছৰীয়া কন্যাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়। ৩০ এপ্ৰিলৰ পুৱা আইপিএছ দম্পতি ৰাভজ্যোত গ্ৰেৱাল আৰু নৱনীত বেইন্সৰ চাৰি বছৰীয়া কন্যা নাইৰাই খাদ্য গ্ৰহণ কৰোতে ডিঙিত লাগি ধৰে।ফলত শিশুটোয়ে উশাহ লোৱাত কষ্ট পাই অচেতন হৈ পৰে। ততাতৈয়াকৈ নাইৰাক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাইক মৃত ঘোষণা কৰে। এই শোকাৱহ ঘটনাই সকলোৰে বুকু কঁপাই তুলিছে।মোহালিৰ ঔদ্যোগিক এলেকাৰ শ্মশানত অতি শোকাকূল পৰিৱেশত ইৰাৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। সহায়িকাৰ সৈতে  ঘৰত থৈ যোৱা অৱস্থাতে শিশুটোৰ সৈতে এই দুৰ্ঘটনা ঘটে যদিও দুৰ্ভগীয়া দম্পতিহালে এতিয়াও কাৰো বিপক্ষে অভিযোগ উত্থাপিত কৰা নাই ।

অভিভাৱকসকল সৰ্তক হওঁক

-১-৫ বছৰৰ শিশুক খুৱাই থাকোঁতে বিশেষ যত্নৰ প্ৰয়োজন। শিশুটোক সদায়েই খাদ্য কমকৈ মুখত দিব আৰু  ভালদৰে চোবাবলৈ শিকাব। ভুলতো শুই থাকোতে খাবলৈ নিদিব। 

-যদি খাদ্য ডিঙিত লাগি যায়, তেন্তে তৰল খাদ্য খাব। ই খাদ্য গিলিবলৈ সহজ কৰি তুলিব। আৱদ্ধ খাদ্য সহজে তললৈ যাব।

-খাদ্য খোৱাৰ সময়ত কথা কোৱা বা ম'বাইল চোৱাৰ অভ্যাস নকৰিব।খোৱাৰ সময়ত কথা পাতি থাকোঁতে আৰু টিভি ফোন চোৱাৰ ফলত খাদ্য লাগি যোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। যদি খাদ্য শ্বাসনলীত আৱদ্ধ হৈ পৰে, উশাহ লোৱাও কঠিন। 

-যদি কেতিয়াবা শিশুটোৰ ডিঙিত খাদ্য লাগি যায়, তেতিয়া মুখখন খুলি ডিঙিত লগা খাদ্য দেখিলে আঙুলিৰে বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিব।যদি ডিঙিত লাগি থকা খাদ্য দৃশ্যমান নহয়, তেনেহ'লে শিশুটোক ওলোটাই লৈ পিঠিত চাপৰ মাৰিব। যদি তাৰ পাছতো সকাহ নাপায়, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব।

Also Read: প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ানক তথ্য : এই ৰোগৰ লক্ষণ, সুৰক্ষাৰ উপায় জানি লৈ সাৱধান হওঁক