/asomiyapratidin/media/media_files/2026/01/17/zikoray-2026-01-17-15-39-17.jpg)
ডিজিটেল ডেস্ক: ঠাণ্ডাৰ দিনত শৰীৰটোক গৰম কৰি ৰাখিবলৈ বহুতে জুই জ্বলাই হাত সেকে। বিশেষকৈ গাঁও অঞ্চলত প্ৰতিঘৰতে ৰাতিপুৱা-গধূলি জুই একুৰাৰ কাষত হাত সেকাটো অভ্যাসৰ দৰে। কিন্তু এই অভ্যাস কিমান স্বাস্থ্যসন্মত আপুনি জানেনে ? হয়, জুইত হাত সেকিলে ক্ষণিকৰ বাবে উষ্ণতা পোৱা যায় যদিও ই আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে।
জুইত হাত সেকিলে হোৱা স্বাস্থ্যৰ ক্ষতি
প্ৰথমতে, জুইৰ বেছি তাপৰ ফলত ছাল পোৰা বা দাগ পৰাৰ সম্ভাৱনা থাকে। বহু সময়ত মানুহে অজানিতে হাতটো জুইৰ বেছি ওচৰলৈ নিয়ে, যাৰ ফলত ছাল যথেষ্ট পৰিমাণেন ক্ষতিগ্ৰস্ত হয়। এই পোৰা দাগবোৰ পিছলৈ সংক্ৰমণৰ কাৰণো হ’ব পাৰে।
দ্বিতীয়তে, জুইৰ ধোঁৱা স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। জুই জ্বলাৰ সময়ত ওলোৱা ধোঁৱা নিশ্বাসৰ সৈতে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে কাহ, হাঁপানী, চকুৰ জ্বলা-পোৰা আদি সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ, শিশু আৰু বৃদ্ধ লোকৰ শৰীৰত এই ধোঁৱাৰ প্ৰভাৱ বেছিকৈ পৰে।
তৃতীয়তে, জুইৰ বেছি তাপত হাত সেকিলে ছাল শুকান হৈ ফাটি যাব পাৰে। ইয়াৰ ফলত হাতত খজুৱতি, ৰক্তক্ষৰণ আৰু বেক্টেৰিয়াজনিত ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। দীৰ্ঘদিন ধৰি এই অভ্যাস বজাই ৰাখিলে ছালৰ স্বাভাৱিক গুণ নষ্ট হয়।
চতুৰ্থতে, জুইৰ কাষত বহা সময়ত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনাও থাকে। কাপোৰত জুই লাগি যোৱা, শিশুৰ হাত পোৰা আদি ঘটনা প্ৰায়েই দেখা যায়, যি জীৱনৰ বাবে বিপদজনক।
সেয়েহে, ক’ব পাৰি যে জুইত হাত সেকাটো সহজ যদিও ইয়াৰ পৰা দূৰত থাকি স্বাস্থ্যসন্মত পদ্ধতি গ্ৰহণ কৰাটোয়েই বুদ্ধিমানৰ কাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us