/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/95e67090-55ab-4def-8f4f-a9f41f7480db/AP_FOR_WEB_for____________________.jpg)
ডিজিটেল ডেস্ক: শীতকালত গা ধোৱাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়।কিন্তু আপুনি জানেনে যে গা ধোৱাৰ ধৰণে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ধাৰণ কৰে ? এনে বহুতো লোক আছে যিয়ে বহু ঠাণ্ডাতো ঠাণ্ডা পানীৰে গা ধোয়ে, যি বিপদজনক হ'ব পাৰে।ইয়াৰ বিপৰীতে, কিছুমান লোকে ঠাণ্ডাত অতি গৰম পানীৰে গা ধোয়ে।সেয়াও আমাৰ হৃদযন্ত্ৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে।হয়, ঠাণ্ডাৰ ফলত আমাৰ ৰক্তনলীবোৰ সংকুচিত হয় আৰু ৰক্তচাপ বৃদ্ধি হয়।ই আমাৰ হৃদয়ত অতিৰিক্ত চাপ পেলায়। এনে পৰিস্থিতিত বেছি ঠাণ্ডা বা গৰম পানীৰে গা ধোৱা বিপদজনক হ'ব পাৰে।এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি বিতংভাৱে জানো আহক-
কুহুমীয়া পানীৰে গা ধোৱাটো সুৰক্ষিত
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, কুহুমীয়া পানীয়ে আমাৰ শৰীৰক হঠাতে আঘাত নকৰে আৰু ই শৰীৰৰ উষ্ণতা বজাই ৰাখে। দৰাচলতে, কুহুমীয়া পানীয়ে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে আৰু ৰক্ত সঞ্চালন বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/67165ea4-d13f-4fc6-8461-485160d7018c/18_35_471221930woman_showering.jpg)
ঠাণ্ডা পানীৰ বাবে বৃদ্ধি হয় হৃদ আক্ৰমণৰ আশংকা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9268d1b4-3439-4803-bf20-00a616e923f0/heart.jpg)
শীতকালত যেতিয়া আমি ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহো, গোটেই শৰীৰটো কঁপি উঠে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহিলে শৰীৰৰ ৰক্ত সঞ্চালন দ্ৰুত হয় আৰু আমাৰ হৃদযন্ত্ৰেও বাকী অঙ্গবোৰ সুৰক্ষিত কৰিবলৈ দ্ৰুতগতিত তেজ পাম্প কৰা আৰম্ভ কৰে। এনে জৰুৰীকালীন সময়ত হৃদযন্ত্ৰই ছালৰ ওচৰত তেজৰ সঞ্চালন বন্ধ কৰে। যাৰ ফলত আমি কঁপি উঠো আৰু ই হৃদযন্ত্ৰত অধিক চাপ পেলায়।
একে সময়তে, বহুতো গৱেষণাই প্ৰকাশ কৰিছে যে শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত বিপাক, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। এই কথা মনত ৰাখিয়েই বহু ফিটনেছ ফ্ৰিকে শীতকালত ঠাণ্ডা পানীৰে গা ধোয়ে।
ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস হয়
ঠাণ্ডাদিনত হঠাতে গৰম পানীৰে গা ধুলে ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস হ'ব পাৰে।ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি হয়। সেয়েহে, শীতকালত গা ধোৱাৰ বাবে কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে। আপোনাৰ ভৰি ধুই গা ধোৱা আৰম্ভ কৰক আৰু গা ধোৱাৰ লগে লগে শৰীৰত কাপোৰ মেৰিয়াই লওঁক।
শীতকালত হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ কি কৰিব ?
শীতকালত হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ পাতল খাদ্য খোৱাৰ লগতে পৰ্যাপ্ত উলৰ কাপোৰ পিন্ধিব লাগে।নিতৌ ব্যায়াম কৰিব লাগে আৰু যদি কোনো ধৰণৰ ৰোগ হয় তেন্তে নিয়মীয়া ঔষধ গ্ৰহণ কৰিব লাগে। কেতিয়াবা এনে বতৰত উচ্চ ৰক্তচাপত ভূগি থকা ৰোগীক ঔষধৰ অধিক পালিৰ প্ৰয়োজন হয়। সেয়েহে, হৃদৰোগ বিশেষজ্ঞৰ পৰা নিয়মীয়া পৰামৰ্শ গ্ৰহণ কৰি থাকিব লাগে।
Also Read: Corona: সাৱধান হওঁক, আৰোগ্য হোৱাৰ পিছতো কৰোনাই প্ৰভাৱিত কৰিছে মগজুক