/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f996dd5d-a93e-42b1-bce2-620f39128cd3/AP_FOR_WEB_for__________.jpg)
ডিজিটেল ডেস্ক: কোভিড-১৯ অথবা কৰোনা মূলতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, সেই বিষয়ে হয়তো আমি সকলো জ্ঞাত।কিন্তু আপুনি জানেনে কৰোনাই মস্তিষ্কক কিদৰে প্ৰভাৱিত কৰে ? হয়, শ্বাস-প্ৰশ্বাসজনিত এই ৰোগে আমাৰ মস্তিষ্কক গুৰুতৰভাৱে প্ৰভাৱিত কৰে। যাৰ ফলত এজন ব্যক্তি আলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে ৰোগত আক্ৰান্ত হ'ব পাৰে।এয়া ইতিমধ্যে প্ৰমাণ হৈছে যে কোভিড-১৯য়ে নাক, ডিঙি আৰু হাঁওফাঁওৰ উপৰিও শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত মগজুকো প্ৰভাৱিত কৰে।
৫০ বছৰৰ তলৰ ব্যক্তি সাৱধান হওঁক
'মনোৰমা ইয়েৰবুক ২০২৩'ত প্ৰকাশিত এক প্ৰবন্ধৰ মতে,৩৬-৮৪শতাংশ কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ স্নায়বিক বিকাৰ আছে। ইয়াৰে অধিকাংশ ৰোগী ৫০ বছৰ বয়সৰ তলৰ, যিসকল এই ৰোগত আক্ৰান্তৰ আগতে সম্পূৰ্ণভাৱে সুস্থ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/12c1386e-fa88-4e82-acd3-df54992eed3c/corona.jpg)
মগজুলৈ সংক্ৰমিত হোৱাৰ বিষয়ে আপুনি কেনেকৈ গম পাব ?
প্ৰবন্ধটোত এইটোও কোৱা হৈছে যে কৰোণাই মগজুক প্ৰভাৱিত কৰিলে কিছুমান বিশেষ লক্ষণ পোহৰলৈ আহে।এই লক্ষণসমূহৰ ভিতৰত এজন ব্যক্তি সঘনাই আতংকিত হোৱা, ‘অবছেছিভ কম্পালচিভ ডিচঅৰ্ডাৰ’, অস্থিৰতা আৰু হতাশা বিশেষভাৱে উল্লেখনীয়।এই সমস্যাবোৰে অত্যাধিক সুৰাপান, আত্মহত্যাৰ প্ৰৱণতা আৰু বিভ্ৰান্তিৰ দৰে পৰিস্থিতিও বৃদ্ধি কৰিব পাৰে।
আনহাতে, কৰোনা ভাইৰাছৰ একাধিক প্ৰকাৰে মস্তিষ্কৰ কাৰ্যক্ষমতা, আচৰণ আৰু বৌদ্ধিক ক্ষমতাক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰে কিছুমান প্ৰভাৱ গুৰুতৰ আৰু কম সময়ৰ ভিতৰতে আঁতৰি যায়, কিন্তু আন কিছুমানে দীৰ্ঘসময়ৰ বাবে প্ৰভাৱিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3757b43e-7d02-4f22-b8df-758e74321b43/corona_2.jpg)
স্নায়ৱিক বিকাৰ কি ?
এক গৱেষণা অনুসৰি, ভাৰতত প্ৰায় ৩০ নিযুত লোক স্নায়ৱিক ৰোগত আক্ৰান্ত। এই ৰোগৰ বিষয়ে সজাগতা নোহোৱাৰ বাবে ৰোগীসকলে সমাজত বৈষম্যৰ সন্মুখীন হ'বলগীয়া হৈছে। স্নায়বিক বিকাৰে সাধাৰণতে মগজুক প্ৰভাৱিত কৰে আৰু মগজুক চাপ দিয়া কামবোৰত সমস্যাৰ সৃষ্টি কৰে। ই মেৰুদণ্ডৰো ক্ষতি কৰিব পাৰে। কিবা এটাত মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস হোৱাটো স্নায়বিক বিকাৰৰ বহুতো লক্ষণৰ ভিতৰত এটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/381eeb51-431e-4f51-9e90-fb95cfac3b37/corona_3.jpg)
স্নায়ৱিক বিকাৰৰ লক্ষণ
মুৰ, ডিঙি, পিঠি, বাহু অথবা ভৰি বিষ ইয়াৰ সচৰাচৰ লক্ষণ।
তীব্ৰ মুৰৰ বিষ ,মস্তিষ্কৰ ৰক্তক্ষৰণ, মস্তিষ্কৰ টিউমাৰ বা শিৰাৰ চাইনাছ থ্ৰম্বোচিছৰ লগতে ডিঙি টান হোৱাও এই ৰোগৰ লক্ষণ।
নিৰন্তৰ দুৰ্বলতা, হাত-ভৰি ফাটি যোৱাও ইয়াৰ এক লক্ষণ।
চিজাৰ, হাত-ভৰি কঁপি থকা আৰু সঘনাই মূৰ্চ্ছা যোৱাও স্নায়বিক বিকাৰৰ লক্ষণ।
স্নায়ৱিক বিকাৰৰ ফলত পেশী টান হোৱা আৰু লেহেম হোৱাৰ দৰে লক্ষণো হ'ব পাৰে। এনে লক্ষণ সাধাৰণতে ৫০ বছৰৰ অধিক বয়সৰ লোকৰ ক্ষেত্ৰত দেখা যায়।
স্নায়ৱিক বিকাৰৰ চিকিৎসা
স্নায়ৱিক বিকাৰৰ কোনো দ্ৰুত সমাধান নাই। কিন্তু ৰোগীৰ ভাল যত্নয়ে তেওঁক দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে।স্নায়ৱিক বিকাৰৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসকে প্ৰদান কৰা ঔষধ আৰু চিকিৎসাৰ প্ৰয়োজন হয়। অৱশ্যে, কিছুমান বিশেষ দিশতো লক্ষ্য ৰাখিব লাগে। যেনে একেলগে একাধিক কাম নকৰা।এটা সময়ত এটা কামতে মনোনিবেশ কৰা আৰু এবাৰত এটা চিন্তা কৰা।মুঠৰ ওপৰত আপোনাৰ কামক সৰু অংশত বিভক্ত কৰাটোয়েই এক ভাল বিকল্প।
Also Read: এইবিধ ফল খাওঁক আৰু কোষ্ঠকাঠিন্যক বিদায় দিয়ক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us