ৰাম লালাৰ মূৰ্তিৰ আঁৰত লুকাই আছে বহু ৰহস্য

অৱশেষত জন্মভূমি অযোধ্যাত ধূম-ধামেৰে স্থাপন কৰা হ'ল ৰামলালাৰ প্ৰতিমূৰ্তি ।ৰাম নামৰে মূখৰিত এতিয়া সমগ্ৰ আযোধ্যা।এই মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ শিশুৰ ৰূপত ক'লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। এইখিনিতে স্বাভাৱিকভাৱেই সকলোৰে মনত উদ্ভৱ হোৱা এটা প্ৰশ্ন হৈছে যে শ্ৰী ৰামৰ মূৰ্তিটোৰ ৰং ক'লা কিয় ?

author-image
Asomiya Pratidin
New Update
ৰাম লালাৰ মূৰ্তিৰ আঁৰত লুকাই আছে বহু ৰহস্য

ডিজিটেল ডেস্ক: অৱশেষত জন্মভূমি অযোধ্যাত ধূম-ধামেৰে স্থাপন কৰা হ'ল ৰামলালাৰ প্ৰতিমূৰ্তি ।ৰাম নামৰে মূখৰিত এতিয়া সমগ্ৰ আযোধ্যা।এই মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ শিশুৰ ৰূপত ক'লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। এইখিনিতে স্বাভাৱিকভাৱেই সকলোৰে মনত উদ্ভৱ হোৱা  এটা প্ৰশ্ন হৈছে যে শ্ৰী ৰামৰ মূৰ্তিটোৰ ৰং ক'লা কিয় ? আজি এই বিষয়ে জানো আহক-

Advertisment

মহৰ্ষি বাল্মীকিয়ে ৰামায়ণত ভগৱান শ্ৰী ৰামৰ শৰীৰ শ্যামবৰণীয়া বুলি উল্লেখ কৰিছে।যি হৈছে  শ্ৰীৰামৰ মূৰ্তিৰ ৰং ক'লা হোৱাৰ এক অন্যতম কাৰণ।আনহাতে, এই বিশেষ মূৰ্তিটো শালিগ্ৰাম শিলৰে নিৰ্মাণ কৰা হৈছে।শালিগ্ৰাম শিলক শালগ্ৰাম, শ্যাম শিল বা নাৰায়ণ শিল বুলিও জনা যায়। নেপালৰ গণ্ডকী নদীৰ পৰা অনা এই শিলটোতে  কৰ্ণাটকৰ ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে ৰাম লালাৰ মূৰ্তিটো নিৰ্মাণ কৰিছে।

আনহাতে, হিন্দু ধৰ্মত উপাসনাৰ সময়ত অভিষেক কৰা হয়। এনে পৰিস্থিতিত, মূৰ্তিটো পানী, চন্দন, গাখীৰ আদিৰ দ্বাৰা যাতে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিও ৰাম লালাৰ এই মূতিটো শালিগ্ৰাম শিলৰে নিৰ্মাণ কৰা হৈছে।এই শিলৰ বয়স হাজাৰ হাজাৰ বছৰ।ৰাম লালাৰ এই মূৰ্তিটোৰ ওজন ২০০ কিলোগ্ৰাম আৰু ইয়াৰ উচ্চতা ৪.২৫ ফুট আৰু প্ৰস্থ ৩ ফুট। হাতত ধনু আৰু কাড় লৈ থকা ৰামা লালাৰ ৰত্নৰে সজ্জিত মুকুটৰ ওজন ৫ কিলোগ্ৰাম।তেওঁৰ মুকুটত নটা ৰত্ন সুশোভিত কৰা হৈছে আৰু ডিঙিতো ৰত্নৰ মালা পিন্ধোৱা হৈছে। কঁকালত পিন্ধোৱা বেণ্ডও সোণৰেই নিৰ্মিত।তেওঁৰ শৰীৰৰত পিন্ধোৱা সকলো গহনাতে ৰত্ন, মুকুতা, হীৰা খোদিত কৰা হৈছে।

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক