প্ৰথম উপাৰ্জনৰে এবটল ঘিউ কিনিছিল এইজন অভিনেতাই

ৰাজকুমাৰ ৰাও, বৰ্তমান সময়ৰ এজন খুবেই জনপ্ৰিয় তথা সফল অভিনেতা।ভিন্ন ছবিত ভিন্ন চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰি খুব কম সময়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় এইজন অভিনেতাই।

author-image
Asomiya Pratidin
New Update
প্ৰথম উপাৰ্জনৰে এবটল ঘিউ কিনিছিল এইজন অভিনেতাই

Rajkumar Rao

ডিজিটেল ডেস্ক: ৰাজকুমাৰ ৰাও, বৰ্তমান সময়ৰ এজন খুবেই জনপ্ৰিয় তথা সফল অভিনেতা।ভিন্ন ছবিত ভিন্ন চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰি খুব কম সময়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় এইজন অভিনেতাই।ধন-সম্পত্তি-খ্যাতি, বৰ্তমান তেওঁৰ সকলো আছে।কিন্তু এটা সময় আছিল, যেতিয়া তেওঁ আৰ্থিক ভাৱে একেবাৰেই দুৰ্বল আছিল।

Advertisment

হয়, শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁৰ জীৱনৰ বেয়া দিনৰ কথা মুকলিকৈ প্ৰকাশ কৰি আৱেগিক হৈ পৰে। তেওঁ কয়, ‘জীৱনত বহু বেয়া দিন দেখিছো। মোৰ প্ৰথম উপাৰ্জন আছিল ৩০০টকা।এই ৩০০ টকাৰে মই এবটল ঘিউ কিনিছিলো।সেই সময়ত ঘিউ কিনি ৰুটীৰ সৈতে খাবলৈ পোৱাতোয়েই মোৰ তথা ঘৰখনৰ বাবে বিলাসিতা আছিল।’

ইফালে, হাইস্কুলৰ দিনবোৰৰ কথা মনত পেলাই ৰাজকুমাৰে কয়, ‘হাইস্কুলত পঢ়ি থাকোতেই মই জীৱনৰ প্ৰথম উপাৰ্জন কৰিছিলো।তেতিয়া মই এগৰাকী সাত বছৰীয়া ছোৱালীক নৃত্য শিকাবলৈ প্ৰতিদিনেই তাইৰ ঘৰলৈ গৈছিলো।যাৰ বাবদ মই মাহেকত ৩০০ টকা লাভ কৰিছিলো।আজিও মোৰ মনত আছে যে সেই ৩০০ টকাত ছয়টা ৫০ টকীয়া নোট আছিল। তাতেই কিমান সুখী হৈছিলো মই আজি বুজাব নোৱাৰিম।’

উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজকুমাৰ ৰাওয়ে ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ২০১০ চনত তেওঁ এইজন অভিনেতাই 'লাভ চেক্স ঔৰ ধোখা'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল। ‘ৰাণী’, ‘বৰেলী কি বৰফি’, ‘স্ত্ৰী’, ‘লুডো’ আৰু ‘কাই পো চে’ৰ দৰে ছবি অদমনীয় অভিনয় দক্ষতা প্ৰদৰ্শন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল। শেহতীয়াকৈ ১৫ আগষ্টত মুক্তিপ্ৰাপ্ত ৰাজকুমাৰ ৰাওৰ ছবি ‘স্ত্ৰী ২’কো দৰ্শকে আকোঁৱালি লোৱা পৰিক্ষিত হৈছে।

Also Read: জাপানতো আছে বলীউডৰ মোহ