আহিল শীত কাল, গা ধোৱাৰ পূৰ্বে এই কথা মনত ৰখাটো ভাল

গা ধোৱাৰ বাবে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। এই বিষয়ে হয়তো সকলোৱে জানে। কিন্তু শীতকালত ঠাণ্ডা পানীৰেটো দূৰেই, বহুতৰ বাবে গা ধোৱাটোয়েই ডাঙৰ কথা। বতৰ ঠাণ্ডা হ’লে স্বাভাৱিক উষ্ণতাৰ পানীও বহুত ঠাণ্ডা হৈ পৰে।

author-image
সংগীতা দাস
New Update
BATH (1)

ডিজিটেল ডেস্ক: গা ধোৱাৰ বাবে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। এই বিষয়ে হয়তো সকলোৱে জানে। কিন্তু শীতকালত ঠাণ্ডা পানীৰেটো দূৰেই, বহুতৰ বাবে গা ধোৱাটোয়েই ডাঙৰ কথা। বতৰ ঠাণ্ডা হ’লে স্বাভাৱিক উষ্ণতাৰ পানীও বহুত ঠাণ্ডা হৈ পৰে। যাৰ ফলত স্পৰ্শ কৰিবলৈও সাহস কৰাটোও কঠিন হৈ পৰে। অধিকাংশ লোকেই এই দিনকেইটাত গৰম পানীৰে গা ধোয়ে। কিন্তু, গৰম পানীয়ে গা ধোৱাটো কিমান স্বাস্থ্যসন্মত জানেনে ?

কিয় ছালৰ বাবে উপকাৰী নহয় গৰম পানী ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, গৰম পানীৰ ব্যৱহাৰ কৰাৰ ফলত ছালখন শুকান হৈ পৰে। দৈনিক আমাৰ ছালত গৰম পানী ঢালিলে ছালৰ কোষত থকা প্ৰাকৃতিক তেল ভাঙি পেলাব পাৰে।যিয়ে, ছালৰ অভাৱনীয় ক্ষতি কৰে।

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাটো ভাল নেকি ? 

চিকিৎসকৰ মতে, শীতকালত ঠাণ্ডা পানীৰ অত্যধিক ব্যৱহাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ঠাণ্ডা পানীয়ে চৰ্দি, শৰীৰৰ বিষৰ পৰা আৰম্ভ কৰি শৰীৰত জঠৰতা সৃষ্টি কৰিব পাৰে। চাইনাছৰ সমস্যা থকা আৰু ফ্লুত ভুগি থকাসকলে ঠাণ্ডা পানীত গা ধোৱাৰ পৰা বিৰত থাকিব লাগে। সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধৰ বাবেও ঠাণ্ডা পানী ক্ষতিকাৰক হ’ব পাৰে।

গা ধোৱাৰ বাবে প্ৰকৃততে কোন বিধ পানী ভাল ?

বিশেষজ্ঞসকলৰ মতে শীতকালত গা ধুবলৈ একেবাৰে গৰম বা একেবাৰে ঠাণ্ডা পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এই দিনকেইটাত গা ধুবলৈ কুহুমীয়া পানী  ব্যৱহাৰ কৰিব লাগে। কুহুমীয়া পানীয়ে আমাৰ শৰীৰৰ প্ৰাকৃতিক তেলৰ ভাৰসাম্য ৰক্ষা কৰে। এই পানীৰে গা ধুলে শৰীৰৰ বেক্টেৰিয়া আৰু মলি পৰিস্কাৰ কৰাতো সহায় কৰে।

সদায় মনত ৰাখিব এই কথা

চিকিৎসকৰ মতে, ঠাণ্ডাৰ দিনত হঠাৎ ঠাণ্ডা পানীৰে গা ধোৱাটো মাৰাত্মক হ’ব পাৰে। এইকেইটা দিনত আমাৰ শৰীৰটো গৰম হৈ থাকে। এনে অৱস্থাত হঠাতে ঠাণ্ডা পানীৰে গা ধুলে শৰীৰৰ ৰক্তবাহী নলীবোৰ বন্ধ বা সংকুচিত হ’ব পাৰে। যাৰ ফলত আপুনি উচ্চ ৰক্তচাপ বা হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে।