আপুনিও শিৱৰাত্ৰিত উপবাস ৰাখিব নেকি ?

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই দিনটোত মহাদেৱৰ ভক্তসকলে শিৱৰ আশীৰ্বাদ প্ৰাপ্ত তথা তেওঁক সন্তুষ্ট কৰিবলৈ উপবাস ৰাখে।কিন্তু মহাশিৱৰাত্ৰিত উপবাস কৰাৰ আগতে কিছুমান ক্ষেত্ৰত গুৰুত্ব দিব লাগে। উপবাসৰ সময়ত আপুনি কৰা এটা সৰু ভুলৰ বাবে এই উপবাস অসম্পূৰ্ণ হ’ব পাৰে।

author-image
Asomiya Pratidin
New Update
আপুনিও শিৱৰাত্ৰিত উপবাস ৰাখিব নেকি ?

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই দিনটোত মহাদেৱৰ ভক্তসকলে শিৱৰ আশীৰ্বাদ প্ৰাপ্ত তথা তেওঁক সন্তুষ্ট কৰিবলৈ উপবাস ৰাখে।কিন্তু মহাশিৱৰাত্ৰিত উপবাস কৰাৰ আগতে কিছুমান ক্ষেত্ৰত গুৰুত্ব দিব লাগে। উপবাসৰ সময়ত আপুনি কৰা এটা সৰু ভুলৰ বাবে এই উপবাস অসম্পূৰ্ণ হ’ব পাৰে।বিশ্বাস মতে, প্ৰকৃত হৃদয়েৰে শিৱৰ উপবাস কৰিলে ভক্তৰ সকলো ইচ্ছা পূৰণ হয়। এই বছৰ মহা শিৱৰাত্ৰি ৮ মাৰ্চত উদযাপন কৰা হ'ব।যদি আপুনি এইবাৰ শিৱৰাত্ৰিৰ উপবাস কৰিবলৈ মন কৰিছে, তেন্তে এই দিনটোত কি খাব লাগে, কি নালাগে জানি লওঁক-

Advertisment

আপুনি কি খাব পাৰে ? 

. যদি আপুনি পানী অবিহনে উপবাস কৰি আছে, তেন্তে গোটেই দিনটো এটোপাল পানীও নাখাব। 

. ইয়াৰ বাহিৰেও, যদি আপুনি ফল খাই উপবাস কৰিছে, গোটেই দিনটো যিকোনো ফল খাব পাৰে।

. উপবাসৰ সময়ত আপুনি আপেল, কল, কমলা, ডালিম আদি খাব পাৰে। ই শৰীৰত শক্তি দিয়াৰ লগতে পাকস্থলী ভৰ্তি কৰি ৰাখে। ইয়াৰ বাহিৰেও, আপুনি উপবাসত ধনিয়া, জিৰা আৰু চফ খাব পাৰে। 

. আপুনি উপবাসৰ সময়ত মিঠা বস্তু খাব পাৰে, যেনে গাজৰ বা লাওৰে তৈয়াৰ কৰা খীৰ খাব পাৰে। 

. উপবাসৰ সময়ত আপুনি থাণ্ডাই পান কৰিব পাৰে। ই পেট ঠাণ্ডা কৰি ৰখাত সহায় কৰে। থাণ্ডাই প্ৰসাদ শিৱ ভক্তসকলকো বিতৰণ কৰা হয়। যদি আপুনি বিচাৰে, আপোনাৰ পছন্দৰ ফলৰে থাণ্ডাই বনাব আপুনি উপবাসত খাব পাৰে।  


কি খাব নালাগে ?

. শিৱৰাত্ৰিৰ উপবাসৰ সময়ত, আমিষ বা গধুৰ খাদ্য খোৱা পৰিহাৰ কৰিব। 

. উপবাসত পিঁয়াজ বা নহৰু ভুলতো নাখাব।

. যদি আপোনাৰ গেছ বা এচিডিটিৰ সমস্যা আছে, উপবাসৰ দিনা চাহ আৰু কফি কমকৈ খাব। 

. উপবাসত সাধাৰণ নিমখ একেবাৰে ব্যৱহাৰ নকৰিব। যদি আপুনি বিচাৰে, 'পিংক ছল্ট' খাব পাৰে। . উপবাসৰ সময়ত কেতিয়াও সুৰা সেৱন নকৰিব। 

. উপবাসত দাইল, চাউল, ঘেঁহু বা যিকোনো ধৰণৰ সম্পূৰ্ণ শস্য আৰু সাধাৰণ নিমখ ব্যৱহাৰ নকৰিব। 

Also Read: এইবাৰ আপুনি কেতিয়া পালন কৰিব মহাশিৱৰাত্ৰি, ৮ নে ৯ মাৰ্চত ?