এইবাৰ আপুনি কেতিয়া পালন কৰিব মহাশিৱৰাত্ৰি, ৮ নে ৯ মাৰ্চত ?

হিন্দু বৰ্ষপঞ্জী অনুসৰি অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব । আজিৰ দিনটোত সকলো হিন্দু ধৰ্মৰ লোকে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ উপাসনা কৰে। বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱক উপাসনা কৰিলে তেওঁ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ-কষ্ট আঁতৰ কৰে। এইবছৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত সমাপ্ত হ'ব।

author-image
Asomiya Pratidin
New Update
এইবাৰ আপুনি কেতিয়া পালন কৰিব মহাশিৱৰাত্ৰি, ৮ নে ৯ মাৰ্চত ?

ডিজিটেল ডেস্ক: হিন্দু বৰ্ষপঞ্জী অনুসৰি অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব । আজিৰ দিনটোত সকলো হিন্দু ধৰ্মৰ লোকে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ উপাসনা কৰে। বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱক উপাসনা কৰিলে তেওঁ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ-কষ্ট আঁতৰ কৰে। এইবছৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত সমাপ্ত হ'ব।

Advertisment

এইবাৰ মহাশিৱৰাত্ৰিত এই কামকেইটা কৰিব

শিৱলিংগত নিলাজীবন আগবঢ়াব 

শিৱৰাত্ৰিত শিৱ পূজনৰ সময়ত শিৱলিংগত নিলাজী বন আগবঢ়াওক।নিলাজী বনক কোনো কোনো ঠাইত লাজুকী লতা বুলিও কোৱা হয়। ইয়াৰ লগতে ১০৮ বাৰ মহামৃত্যঞ্জ মন্ত্ৰ উচ্চাৰণ কৰিব। বিশ্বাস কৰা হয় যে, এনে কৰি ভক্তই শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।

শিৱ চালিছা পাঠ কৰিব

শনিৰ অশুভ প্ৰভাৱ পৰিহাৰ কৰিবলৈ মহাশিৱৰাত্ৰিত শিৱ চালিছা পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

ব্ৰাহ্মণক খাদ্য খুৱাব

এই পৱিত্ৰ দিনটোত বেল গছৰ তলত ব্ৰাহ্মণ আৰু দৰিদ্ৰ লোকসকলক খীৰ খুৱাব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে শনিৰ ক্ৰোধৰ পৰা সকাহ পাব পাৰি।

জলঅভিষেক কৰিব

এই পৱিত্ৰ দিনটোত গংগাজলত ক'লা তিল আৰু চেনী মিহলি কৰি শিৱক জলঅভিষেক কৰিব লাগে।বিশ্বাস কৰা হয় যে, এই প্ৰতিকাৰৰ দ্বাৰা শনি দেৱো সন্তুষ্ট হয় আৰু ভক্তক সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে।

Also Read: শনি দোষৰ পৰা নিজকে বচাবলৈ কেতিয়া নখ কাটিব লাগে জানি লওঁক