কিদৰে লাভ কৰিব পাৰি বজৰংগবলীৰ আৰ্শীবাদ, জানি লওঁক

হিন্দু ধৰ্মত প্ৰতিজন ভগৱানক বেলেগ বেলেগ দিনত উপাসনা কৰা হয়। সেই অনুসৰি মঙলবাৰটো ভগৱান হনুমানৰ নামত উৎসৰ্গিত। বিশ্বাস মতে, হনুমান শিৱৰ অৱতাৰ। ইফালে, শাস্ত্ৰ অনুসৰি হনুমান হৈছে চিৰঞ্জীৱী আৰু তেওঁ প্ৰতিটো যুগতে আছে।

author-image
সংগীতা দাস
New Update
হনুমান চালিছা seo

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত প্ৰতিজন ভগৱানক বেলেগ বেলেগ দিনত উপাসনা কৰা হয়। সেই অনুসৰি মঙলবাৰটো ভগৱান হনুমানৰ নামত উৎসৰ্গিত। বিশ্বাস মতে, হনুমান শিৱৰ অৱতাৰ। ইফালে, শাস্ত্ৰ অনুসৰি হনুমান হৈছে চিৰঞ্জীৱী আৰু তেওঁ প্ৰতিটো যুগতে আছে। যদি ভক্তই শুদ্ধ মনৰে উপাসনা কৰে, তেওঁ ভক্তৰ সকলো মনোকামনা পূৰণ কৰে। বহু ভক্তই ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ হনুমান চালিছা পাঠ কৰে। কিন্তু হনুমান চালিছা পঢ়োতে যদি কোনো ভক্তই ভুল কৰে, তেন্তে তেওঁ ভগৱান হনুমানৰ আৰ্শীবাদৰ পৰিৱৰ্তে ক্ৰোধৰ বলি হয়। হনুমান চালিচা পঢ়োতে কি ভুল কৰাটো ভক্তৰ বাবে বিপদজনক, জানো আহক-

Advertisment

মাজৰ পৰা নপঢ়িব

জ্যোতিষ শাস্ত্ৰ অনুসৰি, হনুমান চালিছা কেতিয়াও মাজৰ পৰা পঢ়িব নালাগে। সদায়েই চালিছাখন প্ৰথমৰ পৰা পঢ়ি সম্পূৰ্ণ কৰিব লাগে।

পৰিস্কাৰ শৰীৰ-মনৰে পঢ়ক

হনুমান চালিছা সদায় পৰিস্কাৰ শৰীৰ আৰু মনেৰে পঢ়িব লাগে। সদায়েই হনুমান চালিছা ধ্যান কৰি পঢ়িব লাগে। এনেদৰে পঢ়িলেহে আপুনি পঢ়াৰ সুফল পাব।

মাংস-সুৰা পৰিহাৰ কৰিব

সুৰাপান কৰি আৰু আমিষ খাদ্য খাই কেতিয়াও হনুমান চালিছা নপঢ়িব। অন্যথা আপোনাৰ চালিছা পাঠ কৰাৰ একো সাৰ্থকতা নাথাকিব।

অপ্ৰয়োজনীয় বিবাদ নকৰিব 

যদি আপুনি হনুমান চালিছা পঢ়ে, তেন্তে কাকো কেতিয়াও বেয়াকৈ নক'ব। সদায় কাজিয়া পৰিহাৰ কৰিব আৰু কাকো অপমান নকৰিব। অন্যথা, বজৰংবলী আপোনাৰ প্ৰতি সন্তুষ্ট নহ'ব আৰু উপাসনাৰ ফল নাপাব। তদুপৰি, জন্তু আৰু দৰিদ্ৰ লোকৰ প্ৰতি দয়াশীল হ'ব । 

সম্পৰ্কবোৰ ভালকৈ ৰাখিব

হনুমানজীৰ প্ৰকৃত ভক্তসকলে কেতিয়াও সম্পৰ্কত প্ৰতাৰণা নকৰে। সেয়েহে, তেওঁক সন্তুষ্ট কৰিবলৈ বিচাৰিলে যিকোনো সম্পৰ্কই নিষ্ঠাৰে পালন কৰিব।

হনুমান চালিছা খৰখেদাকৈ নপঢ়িব

সদায়েই ধৈৰ্য্য সহকাৰে হনুমান চালিছা পঢ়িব। এই চালিছা পঢ়োতে ধৈয্যশীল নহ'লে আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব।