/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b4ac466b-110a-473a-bab1-d7bdce4c1075/AP_FEED_for______________1_.jpg)
ডিজিটেল ডেস্ক: ক্ৰমান্বয়ে বাঢ়ি অহা শৰীৰৰ ওজনক লৈ আমি বহুতেই হয়তো সমস্যাত পৰিছো।মেদবহুল শৰীৰত বিভিন্ন ৰোগে বাহৰ পতাৰ বিষয়ে চিন্তা কৰি বহুতেই ওজন হ্ৰাসৰ সংকল্প লয়। কিন্তু ব্যস্ত সময়সূচী তথা আন কাৰণত সেয়া সংকল্প হৈয়ে ৰয়। ওজন নিয়ন্ত্ৰণ তথা হ্ৰাসৰ বাবে আমাৰ সকলোৰে মন দিবলগীয়া বিষয়টো হৈছে আমাৰ জীৱনশৈলী। দৈনন্দিন জীৱনৰ কাম-কাজত কিছু পৰিৱৰ্তন আনিলেই আপুনি অনায়াসে ওজন কমাব পাৰিব। আজি সেই বিষয়ে জানো আহক-
দৌৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a25e708e-59e3-4c7d-9146-14a3b6cfcc18/run.jpg)
কাৰণ লাগিলে যিয়েই নহওঁক, সাম্প্ৰতিক সময়ত আমি বহুতেই শাৰিৰীকভাৱে সক্ৰিয় নহয়। ই ওজন বৃদ্ধিৰ এক অন্যতম কাৰণ।যদি আপুনি ওজন কমোৱাৰ কথা ভাৱিছে, তেতিয়া ৰাতিপুৱা অথবা গধুলি কমেও আধা ঘণ্টা সময় দৌৰিবলৈ আৰম্ভ কৰক।আন ব্যায়ামতকৈ দৌৰ বেছি ফলপ্ৰসু বুলি গণ্য কৰা হয়। জীৱনশৈলীৰ এই সৰু পৰিৱৰ্তনে আপোনাক ওজন কমোৱাৰ ক্ষেত্ৰত বহু সহায় কৰিব।
পানী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/39c4d2a0-1f25-428e-bbe6-aff9ef261448/drinking.jpg)
ওজন কমাবৰ বাবে বেছিকৈ পানী খোৱাটো অত্যন্ত প্ৰয়োজনীয়।পানীয়ে আমাৰ শৰীৰৰ বিষাক্তবোৰ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে।দিনটোত আপুনি খোৱা চাহ কাপৰ সলনি এতিয়া পানী খোৱা আৰম্ভ কৰক।
কেলৰিৰ পৰিমাণ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d81b83a6-dc1b-4541-8597-7fb9c2e3bf1f/download__1_.jpg)
ওজন কমাবলৈ শৰীৰচৰ্চাৰ সমান্তলাৰকৈ আমি গ্ৰহণ কৰা খাদ্যক লৈও আমি যথেষ্ট সচেতন হোৱাৰ দৰকাৰ।সেয়েহে প্ৰতিদিনে খাদ্য গ্ৰহণ কৰোতে সেই নিদ্দিষ্ট খাদ্যত থকা কেলৰি সম্পৰ্কে জানি লোৱাতো দৰকাৰ।
সন্ধিয়াৰ পাছৰ খাদ্য
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5b034eeb-ed00-400a-ae57-35ae10b624a0/after_evening.webp)
সন্ধিয়া হোৱাৰ পাছত আমাৰ পাচন তন্ত্ৰৰ কাম লেহেমীয়া হৈ পৰে।সেয়ে ৰাতি দেৰিকৈ খাদ্য খালে ই হজম হোৱাত সময় লয় আৰু শৰীৰৰ ওজন বঢ়োৱাত এশ শতাংশই অৰিহনা যোগায়।সেয়ে নিশাৰ খাদ্য দেৰিকৈ খাব নালাগে।
কমাই আৰু ঘনাই খাদ্য খাব
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5b99ac52-e8f7-4a18-8c56-bb21df8c0eb3/small.jpg)
একেবাৰতে বেছিকৈ খাদ্য খোৱাটো ওজন বৃদ্ধিৰ এক অন্যতম কাৰণ। সেয়ে একেবাৰতে বেছিকৈ খাদ্য খোৱাতকৈ কম-কমকৈ ঘনাই খাদ্য খাব লাগে।কম-কমকৈ খাদ্য খালে শৰীৰটো সক্ৰিয়ও হৈ থাকে।
Also Read: নোখোৱাকৈ নহয়, খায় কমাওক শৰীৰৰ ওজন