নোখোৱাকৈ নহয়, খায় কমাওক শৰীৰৰ ওজন

দেহত অতিমাত্ৰা চৰ্বি জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাই হৈছে মেদবহুলতা।বৰ্তমান অধিকাংশ লোকেই এই মেদবহুলতাৰ চিকাৰ হ’বলগীয়া হৈছে।

author-image
asomiyapratidin
New Update
নোখোৱাকৈ নহয়, খায় কমাওক শৰীৰৰ ওজন

ডিজিটেল ডেস্ক: দেহত অতিমাত্ৰা চৰ্বি জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাই হৈছে মেদবহুলতা।বৰ্তমান অধিকাংশ লোকেই এই মেদবহুলতাৰ চিকাৰ হ’বলগীয়া হৈছে।

Advertisment

মেদবহুলতাৰ ফলত মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট, হৃদৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতাকে ধৰি বহু ৰোগত অতি সহজে আমি আক্ৰান্ত হওঁ। মেদবহুলতাৰ প্ৰধান কাৰণ হ'ল অতিমাত্ৰা খোৱা।পিছে, কিছুমান বিশেষ খাদ্য খাই কিন্তু আমি ওজন কমাব পাৰো। হয়, আচৰিত যেন লাগিলেও এয়া সত্য।কি কি খাদ্য খায় আমি ওজন কমাব পাৰো, আজি সেই বিষয়ে জানো আহক- 

সেউজীয়া চাহ(গ্ৰীণ টি)

দৈনিক ২-৩ কাপ গ্ৰীণ টি সেৱনে আপোনাক পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।গ্ৰীণ টিত   কেটেচিন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে ,যি পেটৰ চৰ্বিৰ লগতে ওজন হ্ৰাসত আপোনাক সহায় কৰিব পাৰে। গ্ৰীণ টিৰ লগত নেমু আৰু মৌৰ মিহলি কৰি খালে আপুনি অধিক সোনকালে ফল লাভ কৰিব।

কাঠবাদাম

যদি আপুনি আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰে, তেন্তে আপোনাৰ আহাৰত কাঠবাদাম অন্তৰ্ভূক্ত কৰক। কাঠবাদামত অসংপৃক্ত ফেটি এচিড থাকে যি পেটৰ চৰ্বি হ্ৰাস কৰাত সহায়ক হয়। বাদামত থকা আঁহে যথেষ্ট পৰিমাণে ভোক নিয়ন্ত্ৰণ কৰে। 

নেমুজাতীয় ফল

নেমু, কমলা, কিৱি, আঙুৰ আদি নেমুজাতীয় ফলে আমাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ কৰাত যথেষ্ট সহায় কৰে।এইবোৰ ফলে দেহত চৰ্বিৰ পৰিমাণ হ্ৰাস কৰে।একে সময়তে ই বিপাকৰ হাৰ বৃদ্ধি কৰে, যি চৰ্বি হ্ৰাস কৰাত সহায়ক হয়। এই ফলবোৰে শৰীৰত যথেষ্ট পৰিমাণে পানী যোগান ধৰে।

আভাকাডো

আভাকাডো মনোআনচেচুৰেটেড ফেটি এচিডত সমৃদ্ধ।এই বিধ ফলত বিটা-চাইটোষ্টেৰল থাকে, যি পেটৰ চৰ্বি হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।ৰাতিপুৱাৰ আহাৰত আভাকাডোক চালাড হিচাপে অন্তৰ্ভুক্ত কৰিলে আপুনি নিজৰ ভিতৰত পাৰ্থক্য নিজেই দেখিবলৈ পাব।

ব্ৰকলী

পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ আহাৰত ব্ৰকলী অন্তৰ্ভুক্ত কৰক। ই কেৱল পেটৰ চৰ্বিয়েই হ্ৰাস নকৰে, আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ব্ৰকলীয়ে বিপাকীয় হাৰ বৃদ্ধি কৰে, যি চৰ্বি হ্ৰাস কৰাত সহায় কৰে।আপুনি ইয়াক পাচলি, চালাড বা চুপ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

দৈ

পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ আপুনি দৈ ব্যৱহাৰ কৰিব পাৰে। দৈয়ে আমাৰ পাকস্থলীত ভাল বেক্টেৰিয়া বৃদ্ধি কৰিবলৈ কাম কৰে। ই পেটৰ চৰ্বি বৃদ্ধি কৰা বেক্টেৰিয়াও ধ্বংস কৰে, যি পেটৰ চৰ্বি কমোৱাত যথেষ্ট সহায় কৰে। 

ওটচ

যদি আপুনি আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰে, তেন্তে ৰাতিপুৱাৰ আহাৰত গাখীৰৰ সৈতে ওটচ খাব। ওটচত পৰ্যাপ্ত আঁহ থাকে যি আপোনাৰ হজম উন্নত কৰে। ই ভোক নিয়ন্ত্ৰণ কৰে আৰু আপোনাক ওজন বৃদ্ধি কৰিবলৈ নিদিয়ে। কেইদিনমান ওটছ খাই আপুনি পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে।

সেউজীয়া পাচলি

যদি আপুনি পেটৰ চৰ্বিৰ বাবে অসুবিধাত আছে, তেনেহ'লে আপোনাৰ আহাৰত সেউজীয়া শাক পাচলি যেনে পালেং শাক, বন্ধাকবি, মূলা আৰু অন্যান্য সেউজীয়া অন্তৰ্ভুক্ত কৰক। এইবোৰ পাচলিত প্ৰচুৰ আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।এনে পাচলিবোৰ ভোক নিয়ন্ত্ৰক, যাৰ ফলত আপোনাৰ ওজন তথা পেটৰ চৰ্বি বৃদ্ধি নহয়।

Also Read: Health Benefits of Garlic- নহৰু খোৱাৰ ১০ স্বাস্থ্য উপকাৰিতা