জানি লওক হাতত লোহাৰ আঙুঠি পিন্ধাৰ নিয়ম, বিশ্বাস, উপকাৰিতা

মানৱ জীৱনত আভৰণ কেৱল সৌন্দৰ্য বৃদ্ধি কৰাৰ মাধ্যমেই নহয়, ইয়াৰ সৈতে ধৰ্মীয় আৰু জ্যোতিষীয় বিশ্বাসো জড়িত হৈ আছে। বিশেষকৈ আঙঠি পিন্ধাৰ ক্ষেত্ৰত ধাতু আৰু ৰত্নৰ বিশেষ গুৰুত্ব আছে।

author-image
সংগীতা দাস
New Update
আঙঠি

ডিজিটেল ডেস্ক: মানৱ জীৱনত আভৰণ কেৱল সৌন্দৰ্য বৃদ্ধি কৰাৰ মাধ্যমেই নহয়, ইয়াৰ সৈতে ধৰ্মীয় আৰু জ্যোতিষীয় বিশ্বাসো জড়িত হৈ আছে। বিশেষকৈ আঙঠি পিন্ধাৰ ক্ষেত্ৰত ধাতু আৰু ৰত্নৰ বিশেষ গুৰুত্ব আছে। জ্যোতিষশাস্ত্ৰৰ মতে, প্ৰতিটো ধাতু এটা এটা গ্ৰহ বা দেৱতাৰ সৈতে সম্পৰ্কিত। এই ক্ষেত্ৰত লোহাৰ আঙঠিয়ে এক বিশেষ স্থান অধিকাৰ কৰিছে। লোহাৰ আঙঠি কিয় পিন্ধিব লাগে, এই আঙুঠি কোনটো আঙুলিত পিন্ধাটো শুভ তথা ইয়াৰ পৰা কি উপকাৰ আপুনি লাভ কৰিব পাৰে, জানো আহক-

জ্যোতিষশাস্ত্ৰত লোহাৰ আঙুঠিৰ গুৰুত্ব

জ্যোতিষশাস্ত্ৰ অনুসাৰে লোৰ সম্পৰ্ক ভগৱান শনি দেৱৰ সৈতে অতি ঘনিষ্ঠ। আকৌ ধৰ্মীয় বিশ্বাস মতে, শনি দেৱ লোহাত বাস কৰে। সেইবাবে শনি দেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰু তেওঁৰ ক্ৰোধ বা নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি পাবলৈ লোহাৰ আঙঠি পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। তদুপৰি, ৰাহু আৰু কেতুৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাতো লোহাৰ আঙঠিয়ে সহায় কৰে বুলি বিশ্বাস কৰা হয়।

কোনটো আঙুলিত পিন্ধিব লাগে লোহাৰ আঙঠি 

জ্যোতিষৰ মতে সোঁহাতৰ মধ্য আঙুলিত লোহাৰ আঙঠি পিন্ধাটো অতি শুভ। মধ্য আঙুলিটো শনি গ্ৰহৰ সৈতে সম্পৰ্কিত বুলি কোৱা হয়। এই আঙুলিত লোহাৰ আঙঠি পিন্ধিলে শনিৰ অৱস্থান শক্তিশালী হয় আৰু লগতে ৰাহু আৰু বুধ গ্ৰহৰ অশুভ প্ৰভাৱো কমে। সেয়েহে এই আঙুলিটোক লোহাৰ আঙঠিৰ বাবে আটাইতকৈ উপযুক্ত বুলি গণ্য কৰা হয়।

লোহাৰ আঙঠি পিন্ধাৰ সঠিক পদ্ধতি

লোহাৰ আঙঠি পিন্ধাৰ আগতে কিছুমান নিয়ম মানি চলাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰথমে এজন অভিজ্ঞ বা যোগ্য জ্যোতিষীৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। আঙঠি পিন্ধাৰ বাবে শনিবাৰ দিনটোক আটাইতকৈ শুভ বুলি ধৰা হয়, বিশেষকৈ সন্ধিয়া সময়ত পিন্ধাটো উত্তম। আঙঠি পিন্ধাৰ সময়ত ভগৱান শনিৰ বীজ মন্ত্ৰ জপ কৰিলে শুভ ফল বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। তদুপৰি, ৰোহিণী, পূষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰ নক্ষত্ৰৰ সময়ত আঙঠি পিন্ধিলে বিশেষ সুফল লাভ কৰা যায়।

লোহাৰ আঙঠি পিন্ধাৰ উপকাৰিতা

লোহাৰ আঙঠি পিন্ধিলে কেৱল গ্ৰহ দোষ হ্ৰাসেই নহয়, কুচক্ষু বা নেতিবাচক শক্তিৰ পৰা সুৰক্ষা পোৱা যায়। এই আঙুঠি পিন্ধিলে মানসিক চাপ কমা, আত্মবিশ্বাস বৃদ্ধি আৰু জীৱনলৈ স্থিৰতা আহে বুলি বিশ্বাস কৰা হয়।

কোনে পিন্ধিব নালাগে লোহাৰ আঙঠি

লোহাৰ আঙঠিৰ বহুত উপকাৰিতা আছে, তথাপি সকলোৰে বাবে এই আঙঠি পিন্ধটো উপযোগী নহয়। যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ, শুক্ৰ বা সূৰ্য্য গ্ৰহ অত্যন্ত শক্তিশালী অৱস্থাত থাকে, তেন্তে লোহাৰ আঙঠি পিন্ধাটো ক্ষতিকাৰক হ’ব পাৰে। এনে ক্ষেত্ৰত জ্যোতিষীয় দৃষ্টিকোণৰ পৰা ৰূপৰ আঙঠি পিন্ধাটোক অধিক উপযোগী বুলি বিবেচনা কৰা হয়।

উল্লেখ্য যে, সঠিক নিয়ম আৰু পৰামৰ্শ অনুসৰি লোহাৰ আঙঠি পিন্ধিলে জীৱনত ইতিবাচক পৰিবর্তন আহিব পাৰে। তথাপি, ব্যক্তিগত ৰাশিফল আৰু গ্ৰহ-নক্ষত্ৰৰ অৱস্থান বিবেচনা কৰিহে এইধৰণৰ আভৰণ গ্ৰহণ কৰাটো সদায় বাঞ্ছনীয়।