আম্বানীৰ বিয়াত নহয়, আধ্যাত্মিক পৰিৱেশত আচুতীয়া সময় অতিবাহিত কৰিছে এইহাল তাৰকাই

‘বি টাউন’ তথা ক্ৰিকেট জগতৰ সকলো তাৰকা এতিয়া মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াত নাচ-গান কৰাত ব্যস্ত। কিন্তু তাৰকাৰ এই সমাগমত দেখা নগ’ল ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাক।

author-image
Asomiya Pratidin
New Update
আম্বানীৰ বিয়াত নহয়, আধ্যাত্মিক পৰিৱেশত আচুতীয়া সময় অতিবাহিত কৰিছে এইহাল তাৰকাই

ডিজিটেল ডেস্ক: ‘বি টাউন’ তথা ক্ৰিকেট জগতৰ সকলো তাৰকা এতিয়া মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াত নাচ-গান কৰাত ব্যস্ত। কিন্তু তাৰকাৰ এই সমাগমত দেখা নগ’ল ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাক। বিশ্বৰ বহু নামী-দামী তাৰকা এই বিয়াৰ অংশ হ’ল যদিও সম্প্ৰতি লণ্ডনত বাস কৰা এই দম্পতিহালে এই ‘হাইপ্ৰফাইল’ বিয়াৰ এটাও কাৰ্যসূচীত অংশ ল’বলৈ নাহিল।

হয়, ইয়াৰ পৰিৱৰ্তে বিৰাট-অনুষ্কাই লণ্ডনত এক আধ্যাত্মিক পৰিৱেশত আচুতীয়াকৈ সময় অতিবাহিত কৰিছে।শেহতীয়াকৈ ভাইৰেল হোৱা এক ভিডিঅ’ত সেয়া স্পষ্ট হৈছে।ভিডিঅ'টোত দেখা পোৱা মতে, তেওঁলোক দুয়োয়ে আমেৰিকান কণ্ঠশিল্পী কৃষ্ণ দাসৰ ‘কীৰ্তন’ত অংশ গ্ৰহণ কৰিছে।কৃষ্ণ দাসে শ্ৰোতাসকলক হাত জোৰ কৰি সম্ভাষণ জনাই আৰম্ভ কৰা অনুষ্ঠানটোত বিৰাট আৰু অনুষ্কাক তেওঁৰ ভজনত হাততালি বজাই উল্লাস কৰা দেখা গৈছে।

উল্লেখ্য যে, টি২০ বিশ্বকাপ জয় কৰি ভাৰত আহি পোৱাৰ পিছদিনাই বিৰাট কোহলী পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ লণ্ডনলৈ ৰাওনা হৈছিল। আনহাতে, তেওঁলোকৰ দ্বিতীয় সন্তানটোৰ জন্মও লণ্ডনতেই হৈছিল।আম্বানী পুত্ৰৰ বিয়াত বিৰাট-অনুষ্কা উপস্থিত নথকা বিষয়টোক কেন্দ্ৰ কৰি ছ’চিয়েল মেডিয়াতো বেছ চৰ্চা চলিছে।

Also Read: সমাগত গণেশ চতুৰ্থী ! জানি লওঁক গণেশ পূজাৰ শুভ সময়, বিধি, তাৎপৰ্য