সমাগত গণেশ চতুৰ্থী ! জানি লওঁক গণেশ পূজাৰ শুভ সময়, বিধি, তাৎপৰ্য

পৌৰাণিক হিন্দু ধৰ্মত জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰীগণেশ। হিন্দু ধৰ্মত গণেশ চতুৰ্থীয়ে বিশেষ তাৎপৰ্য বহন কৰে। গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ বুলিও জনা যায়। গণেশ চতুৰ্থী হৈছে ভগৱান গণেশৰ ঐশ্বৰিক গুণাগুণক পূজাৰ এক উৎসৱ।

author-image
Asomiya Pratidin
New Update
সমাগত গণেশ চতুৰ্থী ! জানি লওঁক গণেশ পূজাৰ শুভ সময়, বিধি, তাৎপৰ্য

ডিজিটেল ডেস্ক: পৌৰাণিক হিন্দু ধৰ্মত জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰীগণেশ। হিন্দু ধৰ্মত গণেশ চতুৰ্থীয়ে বিশেষ তাৎপৰ্য বহন কৰে। গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ বুলিও জনা যায়। গণেশ চতুৰ্থী হৈছে ভগৱান গণেশৰ ঐশ্বৰিক গুণাগুণক পূজাৰ এক উৎসৱ। বিশ্বাস মতে, এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি অহা সময়খিনিৰ লগত সংগতি ৰাখিয়েই পালন কৰি অহা হৈছে গণেশ চতুৰ্থী। সকলো ভাৰতীয়ই অতি উৎসাহ আৰু ভক্তিৰে ১০দিনীয়াকৈ এই উৎসৱটো উদযাপন কৰে।গজানন, গণপতি, একাদন্ত, লম্বোদৰ, সিদ্ধি বিনায়ক আদি বিভিন্ন নামেৰে জনাজাত ভগৱান গণেশক জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা হিচাপে শ্ৰদ্ধা কৰা হয়।

Advertisment

গণেশ চতুৰ্থী উৎসৱ ভাদ মাহৰ চতুৰ্থ দিনত (চতুৰ্থী) আৰম্ভ হয়, যি সাধাৰণতে ছেপ্টেম্বৰ মাহৰ মাজভাগত পৰে। এই সময়ছোৱাত ভগৱান গণেশৰ আটকধুনীয়া মাটিৰ মূৰ্তি ঘৰ, মন্দিৰ তথা অস্থায়ী ৰাজহুৱা মঞ্চত স্থাপন কৰা হয় আৰু তাৰ পিছত বিভিন্ন ৰীতি-নীতি আৰু অনুষ্ঠানৰ জৰিয়তে পূজা কৰা হয়।এই বৰ্ষত গণেশ চতুৰ্থী উৎসৱ ৬ ছেপ্টেম্বৰ, শুকুৰবাবে বিয়লি ০৩:০১ বজাত আৰম্ভ হ'ব আৰু ১৭ ছেপ্টেম্বৰ, মঙলবাৰে সন্ধিয়া ০৫:৩৭ বজাত সমাপ্ত হ'ব।সেইদিনাই  গণেশ বিসৰ্জন দিয়া হ’ব। গণেশ পূজাৰ শুভ সময় প্ৰতিদিনে পুৱা ১১:০৩বজাত আৰম্ভ হৈ দুপৰীয়া ০১:৩৪ বজালৈকে থাকিব।

বিশ্বাস মতে, গণেশ চতুৰ্থীৰ উৎপত্তি সপ্তদশ শতিকাত মাৰাঠা সাম্ৰাজ্যৰ দ্বাৰা হৈছিল। ছত্ৰপতি শিৱাজী মহাৰাজে তেওঁৰ প্ৰজাসকলৰ মাজত জাতীয়তাবাদ আৰু একতাৰ প্ৰচাৰৰ বাবে এই উৎসৱ উদযাপন কৰিছিল।

Also Read: সুশান্তৰ ধুনীয়া ঘৰটোত আছে ইতিবাচক শক্তি