Vastu Tips: এইসমূহ উপায়ৰে ঘৰলৈ আনক ইতিবাচক শক্তি

এনে পৰিস্থিতিত আপুনি নেতিবাচক শক্তি দূৰ কৰি ঘৰখনলৈ ইতিবাচকতা আনিবলৈ কিছুমান বাস্তু নিয়ম পালন কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
Vastu Tips: এইসমূহ উপায়ৰে ঘৰলৈ আনক ইতিবাচক শক্তি

ডিজিটেল ডেস্ক: পৰিয়ালটোৰ সৈতে ভাল সময় অতিবাহিত কৰিবলৈ প্ৰতিজন ব্যক্তিয়েই  দৈনন্দিন জীৱনত যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হয়।কিন্তু কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো বহুজনে পৰিয়ালৰ সৈতে সুখ-শান্তিৰে দিন অতিবাহিত কৰাত ব্যৰ্থ হয়। ইয়াৰ কাৰণ কি আপুনি জানেনে ? ইয়াৰ কাৰণ হৈছে ঘৰখনত থকা নেতিবাচক শক্তি। ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱৰ বাবে আমাৰ দৈনন্দিন কামবোৰত বাধাৰ সৃষ্টি হোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে সকলো সময়তে কাজিয়া হয়। এনে পৰিস্থিতিত আপুনি নেতিবাচক শক্তি দূৰ কৰি ঘৰখনলৈ ইতিবাচকতা আনিবলৈ কিছুমান বাস্তু নিয়ম পালন কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

ভঙা বস্তু নাৰাখিব 

ঘৰত ভঙা সামগ্ৰী কেতিয়াও ৰাখিব নালাগে। আপোনাৰ ঘৰত যদি কিবা ভঙা ইলেক্ট্ৰনিক সামগ্ৰী, আচবাব, ঘড়ী বা আন তেনেকুৱা সামগ্ৰী আছে, সেয়া আজিয়েই দূৰ কৰক।বাস্তু বিশ্বাস অনুসৰি ভঙা বস্তু ঘৰত ৰাখিলে ঘৰখনলৈ নেতিবাচক শক্তিৰ আগমন হয়।সেয়ে ইয়াৰ প্ৰতি সদায় সাৱধান হ’ব।

সামগ্ৰীবোৰ বিশৃংখল কৰি নাৰাখিব

ঘৰৰ সামগ্ৰীবোৰ কেতিয়াও বিশৃংখল কৰি নাৰাখিব।বাস্তু শাস্ত্ৰ মতে, সামগ্ৰীবোৰ খেলি-মেলি বা বিশৃংখলকৈ ৰাখিলে ঘৰৰ সদস্যসকলৰ মাজত বিৰক্তি আৰু নেতিবাচকতা সৃষ্টি হোৱাৰ লগতে ই ঘৰৰ পৰিৱেশ বিনষ্ট কৰে।সেয়েহে ঘৰৰ কোঠাবোৰ সদায় পৰিস্কাৰ কৰি ৰাখিব। আপুনি ব্যৱহাৰ নকৰা বস্তুবোৰ দৰিদ্ৰ ব্যক্তিক দান কৰি দিব।

ঘৰলৈ সূৰ্যৰ পোহৰ সোমাবলৈ দিয়ক 

যদি আপুনি ঘৰত নেতিবাচক শক্তি নিবিচাৰে, তেন্তে ঘৰৰ দুৱাৰ-খিৰিকী সদায় খোলা ৰাখিব। ঘৰখন মুকলি হৈ থাকিলে ইতিবাচক শক্তিৰ আগমন ঘটে। আনহাতে, সূৰ্যৰ পোহৰে ঘৰৰ সদস্যসকলৰ মনোভাৱ উন্নত কৰে। 

নিমখৰে ঘৰ মোচক

বাস্তু শাস্ত্ৰত নিমখক এনে এক উপাদান বুলি গণ্য কৰা হয়, যাৰ ঋণাত্মক শক্তি টানি নিয়াৰ বিশেষত্ব থাকে। যদি আপুনি ঘৰ মোচোতে নিমখ ব্যৱহাৰ কৰে, তেনেহ'লে ঘৰটোৰ নেতিবাচকতা আঁতৰ হয়।তদুপৰি, গা-ধোৱা ঘৰত কাঁচৰ বাটি এটাত নিমখ ৰাখিলে বাস্তু ত্ৰুটিবোৰ আঁতৰ হয়।

Also Read: ঘৰলৈ লক্ষ্মী আগমনৰ বাবে এইসমূহ নিয়ম
মানি চলক