ঘৰলৈ লক্ষ্মী আগমনৰ বাবে এইসমূহ নিয়ম মানি চলক

এনে পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ আমি কেতবোৰ দিশত বিশেষ গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ।আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ঘৰলৈ লক্ষ্মী আগমনৰ বাবে এইসমূহ নিয়ম
মানি চলক

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ মতে, আমাৰ ঘৰবোৰত কিছুমান ত্ৰুটি থাকে, যিসমূহ সময়মতে আঁতৰ নকৰিলে আমাৰ ভাগ্য বেয়াৰ দিশে গতি কৰে। এই ক্ৰুটিৰ ফলত হাতৰ টকা-পইচা শেষ হৈ আমি ঋণৰ বোজা লবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে। এনে পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ আমি কেতবোৰ দিশত বিশেষ গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ।আজি সেই বিষয়ে জানো আহক-

Advertisment

পানীৰ অপচয়

পানীক সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়।যদি আপোনাৰ ঘৰত প্ৰতিদিনে পানীৰ অপচয় হয়, তেনেহ'লে ই আপোনাৰ বাবে চিন্তাৰ বিষয়। কিয়নো ই আপোনাৰ বিত্তীয় স্থিতিত যথেষ্ট প্ৰভাৱিত কৰে। যদি আপোনাৰ ঘৰৰ টেংকী বা আন পাইপৰ পৰা সদায়ে পানী ওলাই থাকে, তেনেহ'লে ইয়াক লগে লগে ঠিক কৰক। এই বাস্তু দোষে ঘৰখনলৈ লক্ষ্মীৰ আগমনত বাধাৰ সৃষ্টি কৰি ঘৰখনত নেতিবাচক প্ৰভাৱ পেলায়।

লেতেৰা ঘৰ

বাস্তু শাস্ত্ৰৰ নিয়মত পৰিস্কাৰ পৰিচ্ছন্নতাৰ নিজা গুৰুত্ব আছে। যদি আপোনাৰ ঘৰত মকৰাৰ জাল, আৱৰ্জনা, ব্যৱহাৰৰ অনুপযোগী কাপোৰ আৰু জোতা থাকে আৰু ঘৰৰ ৰংবোৰ এৰাই গৈছে, তেনেহ'লে ই বাস্তু ত্ৰুটিৰ সৃষ্টি কৰে।ফলত ঘৰখনত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে এইসমূহ দিশত গুৰুত্ব দিব।

মৰহি যোৱা গছ

যদি আপোনাৰ ঘৰৰ গছ আৰু ফুল ম্লান হৈ গৈছে, সেইবোৰ লগে লগে আতৰাই পেলাওক। সেউজীয়া গছ আৰু ফুল হৈছে সমৃদ্ধিৰ প্ৰতীক। সেয়েহে ঘৰৰ গছ-গছনিত নিয়মিতভাৱে পানী দিব। মৰহি যোৱা গছ-গছনিয়ে ঘৰৰ সুখ-সমৃদ্ধিক প্ৰভাৱিত কৰে।আনহাতে, মন কৰিব যে উপাসনাস্থলীত শুকান ফুল নাথাকে।

বন্ধ বা ভঙা ঘড়ী

ঘড়ীক উন্নতি আৰু ইতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।যদি আপোনাৰ ঘৰৰ ঘড়ী বন্ধ বা ভাঙি যায়, তেন্তে ইয়াক লগে লগে মেৰামতি কৰক।বন্ধ বা ভঙা ঘড়ীয়ে প্ৰগতিত বাধা দিয়ে।

এই বস্তুবোৰ বিচনাৰ তলত নাৰাখিব

ঘৰৰ বিচনাৰ তলত ঝাড়ু আৰু জোতা কেতিয়াও নাৰাখিব। ইয়াৰ ফলত হাতৰ ধন হেৰুওৱাৰ এশ শতাংশ সম্ভাৱনা থাকে।ইয়াৰ বাহিৰে, আপুনি ঘৰৰ য'তেই টকা ৰাখে, তাত জোতা বা ছেণ্ডেল কেতিয়াও নাৰাখিব।

Also Read: ঘৰখনৰ মংগলৰ বাবে কোন দিশে কোঠাসমূহ থাকিব লাগে জানেনে?