ঘৰখনৰ উন্নতিৰ বাবে পালন কৰক বাস্তু নিয়ম

বাস্তু শাস্ত্ৰত কিছুমান নিয়ম আছে, যাক আপুনি জীৱনলৈ ইতিবাচকতা আনিবলৈ গ্ৰহণ কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ঘৰখনৰ উন্নতিৰ বাবে পালন কৰক বাস্তু নিয়ম

ডিজিটেল ডেস্ক: বহুসময়ত জীৱনলৈ এনে কেতবোৰ সমস্যা আহে, যিবোৰ বুজি পোৱাটো একেবাৰে কঠিন হৈ পৰে। এই সমস্যা ঘৰটোৰ স্থাপত্যৰ ত্ৰুটিও বাবেও হ'ব পাৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ প্ৰতিটো সামগ্ৰী ৰখাৰ বিশেষ ঠাই তথা প্ৰতিটো সামগ্ৰীৰ এক পৃথক গুৰুত্ব আছে। সেইবোৰ ভুল দিশত বা ঠাইত ৰাখিলে ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।বাস্তু শাস্ত্ৰত কিছুমান নিয়ম আছে, যাক আপুনি জীৱনলৈ ইতিবাচকতা আনিবলৈ গ্ৰহণ কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

তুলসী গছ

আপুনি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত তুলসী গছ ৰোপণ কৰিব পাৰে। ই ঘৰটোৰ নেতিবাচক শক্তি নাইকিয়া কৰি ইতিবাচক শক্তি বৃদ্ধি কৰে। বিশ্বাস অনুসৰি, তুলসী গছ পূব দিশত অথবা উত্তৰ-পূব দিশ ৰোপন কৰিলে ঘৰলৈ লক্ষ্মীদেৱীৰ আগমন ঘটে।

এই দিশত মূৰ দি নুশুব

বাস্তু বিশ্বাস অনুসৰি, উত্তৰ দিশলৈ কেতিয়াও মূৰ দি শুব নালাগে। উত্তৰ দিশলৈ মূৰ দি শুলে ই টোপনিক প্ৰভাৱিত কৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটে।

আচবাব থোৱাৰ দিশ

গধুৰ আচবাব কেতিয়াও দক্ষিণ আৰু পশ্চিম দিশৰ দেৱালৰ কাষত ৰাখিব নালাগে।আনহাতে, ধাতুৰ আচবাব কেতিয়াও ঘৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰটোৰ সুখ-শান্তিত প্ৰভাৱ পৰে।

দেৱালৰ ঘড়ী

ঘড়ীটো সদায় ঘৰৰ পূব, পশ্চিম আৰু উত্তৰ দিশত ৰাখিব লাগে। এইকেইটা দিশত ঘড়ী ৰাখিলে জীৱনে সদায় নতুন নতুন কাম কৰিবলৈ সুযোগ দিয়ে। কিন্তু কেতিয়াও ঘৰত বন্ধ হৈ থকা আৰু সেউজীয়া ৰঙৰ ঘড়ী ৰাখিব নালাগে।

নামফলক

ঘৰত যদি নামফলক আছে, সদায় পৰিস্কাৰ কৰি ৰাখিব।চকুত লগা তথা পৰিস্কাৰ নাম ফলকে ঘৰখনৰলৈ নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনে।তদুপৰি, নামফলকত নাম থকা ব্যক্তিজনৰ ওপৰতো ভাল প্ৰভাৱ পেলায়। 

Also Read: পাকঘৰৰ বাস্তু নিয়ম : এই নিয়মসমূহ অনুসৰণ কৰি পৰিয়ালটোক সুৰক্ষিত কৰক